ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Staff Reporter by Staff Reporter
June 24, 2026
Reading Time: 1 min read
A A
0
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

বিয়ালৈ মাত্ৰ এমাহ বাকী আছিল। জয়পুৰৰ ৰাজপ্ৰসাদ বুকিং কৰাৰ পৰা আৰম্ভ কৰি মধুচন্দ্ৰিকাৰ বাবে বালিৰ টিকট বুকিং কৰালৈকে সকলো প্ৰস্তুতি পূৰ্ণগতিত চলিছিল। কিন্তু সেই আনন্দময় মুহূৰ্তটো নিমিষতে সলনি হৈ গ’ল ভয়ংকৰ মৰিশালিৰ নিস্তব্ধতালৈ। পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত ৪০০ ফুট দ খাৱৈত পৰি মৃত্যু হয় ২৪ বছৰীয়া ব্যৱসায়ী কেতন বিশাল আগৰৱালৰ।
Jaipur youth murder I
প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ:

যদিও প্ৰথম অৱস্থাত ইয়াক কেৱল মাউণ্টেন ট্ৰেকিং দুৰ্ঘটনা বুলি ধৰা হৈছিল, আৰক্ষীৰ সম্যক তদন্তত এটা ভয়ংকৰ সত্যৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এইটো কোনো দুৰ্ঘটনা নাছিল; বৰঞ্চ ই আছিল তেওঁৰ হ’বলগীয়া পত্নী আৰু তেওঁৰ গোপন প্ৰেমিকৰ নিখুঁত ব্লুপ্ৰিণ্টত পৰিকল্পনা কৰা এক শীতল মগজুৰ হত্যাকাণ্ড।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে কেতনে নিজৰ হ’বলগীয়া পত্নী ছিয়া গোৱেলৰ জন্মদিন উদযাপনৰ অজুহাতত আৰু বিয়াৰ আগৰ ফটোশ্বুটৰ অজুহাতত বন্ধুৰ দল এটাৰ সৈতে পুনেৰ লোহাগড় দুৰ্গলৈ গৈছিল।

কিন্তু কেতনে গম পোৱা নাছিল যে তাত তেওঁৰ বাবে হত্যাৰ ফান্দ এখন পাতি থোৱা আছে। ছিয়া গোৱেলৰ চেতন চৌধুৰী নামৰ এজন যুৱকৰ সৈতে গভীৰ প্ৰেমৰ সম্পৰ্ক আছিল। যদিও পৰিয়ালে ছিয়াক কেতনৰ লগত বিয়া দিয়াৰ ব্যৱস্থা কৰিছিল, তথাপি ছিয়া আৰু চেতনে কোনো কাৰণতে এই বিবাহ নিবিচাৰিছিল।

আৰু সেইবাবেই তেওঁলোকে কেতনক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে কেতনক হত্যা কৰাৰ এয়া প্ৰথম প্ৰচেষ্টা নহয়, তাৰ আগতে ১৪ জুনত তেওঁলোকে কেতনক এই লোহাগড় দুৰ্গলৈ লৈ গৈছিল।

তাতে নিৰ্জন ঠাইত হঠাতে কেতনক ‘সাপৰ আক্ৰমণ’ৰ ভাবুকি দি পাহাৰৰ পৰা পেলাই দিবলৈ চেষ্টা কৰে। কিন্তু কেতন কেনেবাকৈ বাচি থাকে আৰু তেওঁৰ হ’বলগীয়া পত্নীৰ এই ভয়ংকৰ ৰূপটো বা ষড়যন্ত্ৰৰ এটা বিন্দুও অনুমান কৰিব নোৱাৰিলে।

যদিও প্ৰথমবাৰৰ বাবে ছিয়া আৰু চেতন ব্যৰ্থ হৈছিল, তথাপিও তেওঁলোকে হাৰ নামানিলে। ১৯ জুনত ছিয়াই অতি পৰিকল্পিতভাৱে লোহাগড়লৈ আন এক ট্ৰেকিং অভিযানৰ পৰিকল্পনা কৰে। যেতিয়া তেওঁলোক সকলোৱে ওখ পাহাৰৰ ওপৰত থকা দুৰ্গৰ এটা নিৰ্জন অংশত উপনীত হ’ল, তেতিয়াই নিখুঁত সুযোগ আহিল।

সকলো খালী হোৱা দেখি ছিয়া আৰু চেতনে পিছফালৰ পৰা কেতন আগৰৱালক ঠেলি দিয়ে। চকুৰ পলকতে কেতন ৪০০ ফুট উচ্চতাৰ ঠেক শিলৰ পৰা বাগৰি পৰি থিতাতে মৃত্যু হয়।
কেতনৰ পৰিয়ালৰ এজন সদস্যৰ বক্তব্যত এই ঘটনাৰ আঁৰৰ আৰু কিছু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

বিয়াৰ আগতে কেতন আৰু ছিয়া ‘বালি’ ভ্ৰমণলৈ যোৱাৰ কথা আছিল। ভ্ৰমণৰ সকলো বুকিং সম্পূৰ্ণ কৰি ঘৰৰ পৰা ওলাই আহে। কিন্তু মাজবাটতে ছিয়াই হঠাৎ পাছপ’ৰ্ট হেৰোৱা বুলি নাটক কৰিবলৈ ধৰে। ফলত ভ্ৰমণ বাতিল কৰিবলগীয়া হয়।

তাৰ পিছত কেতনে মহাবলেশ্বৰত এখন অতি বিলাসী ৰিজ’ৰ্ট বুকিং কৰি ছিয়াক উৎসাহিত কৰিবলৈ জন্মদিন উদযাপন কৰে। আনকি জয়পুৰৰ ৰাজপ্ৰসাদ এটাও বিয়াৰ বাবে ভাড়াত লোৱা হৈছিল। হ’বলগীয়া পত্নীৰ প্ৰতি ইমান যত্নশীল পাত্ৰৰ এই নৃশংস ভাগ্য কেতনৰ পৰিয়ালে মানি ল’ব পৰা নাই।

ঘটনাৰ পিছত আৰক্ষীয়ে ছিয়া গোৱেলক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰাৰ সময়ত তেওঁৰ বক্তব্যত অসামঞ্জস্যতা পোৱা গ’ল। ছিয়াই যে অহৰহ তথ্য লুকুৱাবলৈ চেষ্টা কৰি আছে সেই কথা উপলব্ধি কৰি তদন্তকাৰীয়ে তেওঁৰ মোবাইল ফোনকলৰ ৰেকৰ্ড, ছ’চিয়েল মিডিয়া পোষ্ট আৰু অন্যান্য ডিজিটেল প্ৰমাণ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।

আৰু তাৰ পৰাই চেতন চৌধুৰীৰ সৈতে তেওঁৰ কথোপকথন আৰু হত্যাৰ ষড়যন্ত্ৰৰ সকলো সবিশেষ পোহৰলৈ আহে। বৰ্তমান পুনে আৰক্ষীয়ে হত্যাকাণ্ডৰ আৰু কিছু অনস্বীকাৰ্য প্ৰমাণ সংগ্ৰহ কৰি আদালতত প্ৰমাণ কৰিবলৈ আগবাঢ়িছে।

Tags: গোপন পৰিকল্পনাপ্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ'লহ'বলগীয়া পত্নী আৰু প্ৰেমিকৰহ'বলগীয়া দৰাৰ
Share4Tweet3Send

Related Posts

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

by News Desk
June 25, 2026
50
Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি
National-International

Passport row : পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় নেকি? মোদী চৰকাৰলৈ বিৰোধীৰ আঙুলি

by News Desk
June 25, 2026
50
Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে
National-International

Bangladesh Visa : প্ৰায় দুবছৰৰ অন্তত বাংলাদেশীৰ বাবে পৰ্যটন ভিছা প্ৰৱৰ্তন কৰিব ভাৰতে

by News Desk
June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
ADVERTISEMENT
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
50
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ
Earthquake

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু
Earthquake

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026
50
Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী
National-International

Warning before earthquake : ভূমিকম্পৰ আগতে সতৰ্কবাৰ্তা : কম্পনৰ আগতে গুগলে কি দৰে দিয়ে জাননী

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

June 25, 2026
Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

Earthquake in Japan : ভেনিজুৱেলাৰ পিছত জাপানত ভূমিকম্প : হাজাৰ হাজাৰ লোক দৌৰি ওলাই আহিল ৰাজপথলৈ

June 25, 2026
Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

Earthquake in Venezuela : ভেনিজুৱেলাত ভয়াবহ পৰিণতি : ১০০ বছৰৰ ভিতৰত ভয়াবহ ভূমিকম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী সহায়ৰ বাবে সাজু

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx