ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2026
Reading Time: 1 min read
A A
0
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

RELATED POSTS

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

New Logo Smal | ASSAM TIMES POST

অসমৰ সমাজ জীৱন, সংগীত, সংস্কৃতি আৰু জাতীয় চেতনাত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰা মহানায়ক জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ চিন্তা, আদৰ্শ, মানৱীয় প্ৰমূল্য আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে ‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক এক বিস্তৃত ‘জুবিন গাৰ্গ স্মৃতি সপ্তাহ’ আয়োজন কৰিছে।

১৩ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই স্মৃতি সপ্তাহৰ প্ৰতিটো দিনেই জুবিন গাৰ্গৰ জীৱন-দৰ্শন আৰু কৰ্মৰ একোটা বিশেষ দিশক প্ৰতিনিধিত্ব কৰিব।

শুকুৰবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীৰ জুৰোডস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত এই আয়োজনৰ বিস্তৃত কাৰ্যসূচী উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

অসম জাতীয় পৰিষদে উল্লেখ কৰা অনুসৰি কাৰ্যসূচীসমূহ এনেধৰণৰ :

১৩ ছেপ্টেম্বৰ — নাহৰৰ দিন

প্ৰকৃতিৰ প্ৰতি জুবিন গাৰ্গৰ গভীৰ প্ৰেম আৰু দায়বদ্ধতাৰ প্ৰতি সন্মান জনাই ১৩ ছেপ্টেম্বৰত ‘নাহৰৰ দিন’ হিচাপে পালন কৰা হ’ব।

এই দিনটোত ‘এজোপা গছ জুবিনৰ নামত’ কাৰ্যসূচীৰ অধীনত ৰাজ্যজুৰি গছপুলি ৰোপণ কৰা হ’ব। প্ৰতিখন পঞ্চায়ত সমিতিৰ উদ্যোগত ১০১জোপাকৈ গছপুলি ৰোপণ কৰা হ’ব।

১৪ ছেপ্টেম্বৰ — মানৱতাৰ দিন

জুবিন গাৰ্গৰ মানৱীয় প্ৰমূল্য আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক সোঁৱৰণ কৰি ১৪ ছেপ্টেম্বৰ ‘মানৱতাৰ দিন’ হিচাপে পালন কৰা হ’ব।

এই উপলক্ষে ৰাজ্যজুৰি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ’ব। প্ৰতিখন জিলাত ১০১গৰাকীকৈ লোকে জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতিত ৰক্তদান কৰিব।

১৫ ছেপ্টেম্বৰ — কিতাপৰ দিন

জুবিন গাৰ্গৰ সৃষ্টিশীলতা, সাহিত্যবোধ আৰু জ্ঞানচৰ্চাৰ প্ৰতি থকা আগ্ৰহৰ সৈতে সংগতি ৰাখি ১৫ ছেপ্টেম্বৰ ‘কিতাপৰ দিন’ হিচাপে পালন কৰা হ’ব।

জিলাই জিলাই স্থানীয় লেখক-লেখিকা আৰু পঢ়ুৱৈসকলক লৈ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ লগতে গ্ৰন্থাগাৰ গঢ়ি তোলা, গ্ৰন্থৰ চৰ্চা আৰু পঠন-পাঠনৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।

১৬ ছেপ্টেম্বৰ — জনগণৰ জুবিন, জনতাৰ দিন

১৬ ছেপ্টেম্বৰ ‘জনতাৰ দিন’ হিচাপে পালন কৰা হ’ব। জুবিন গাৰ্গক কেৱল এগৰাকী সংগীত শিল্পী হিচাপে নহয়, অসমৰ সাধাৰণ জনতাৰ জীৱনৰ সৈতে একাত্ম হৈ পৰা এক গণশিল্পী হিচাপে সোঁৱৰণ কৰি প্ৰতিখন জিলাতে মুকলি কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

জিলা সমিতি, সমষ্টি সমিতি, পঞ্চায়ত সমিতি আৰু বুথ সমিতিসমূহে নিজ নিজ পৰ্যায়ত এই কাৰ্যসূচী ৰূপায়ণ কৰিব।

zu 1 | ASSAM TIMES POST
অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

১৭ ছেপ্টেম্বৰ — নতুনৰ দিন

‘জুবিন চেতনা’ — জুবিন গাৰ্গৰ চিন্তাৰে নতুন অসমৰ সন্ধান

স্মৃতি সপ্তাহৰ অন্যতম মূল কাৰ্যসূচী হিচাপে ১৭ ছেপ্টেম্বৰত ‘নতুনৰ দিন’ পালন কৰা হ’ব। এই দিনটোত ‘জুবিন চেতনা’ শীৰ্ষক বিশেষ যুৱকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত হ’ব।

জুবিন গাৰ্গৰ চিন্তা, দৰ্শন আৰু আদৰ্শক সাৰোগত কৰি ১০গৰাকী যুৱ বক্তাই নিজৰ বক্তব্য আগবঢ়াব।

আলোচনাৰ বিষয়সমূহ হ’ব—

– জুবিন গাৰ্গৰ সংগীত
– জুবিন গাৰ্গৰ কাব্য প্ৰতিভা
– জুবিন গাৰ্গৰ প্ৰকৃতিপ্ৰীতি
– জুবিন গাৰ্গৰ দৃষ্টিত সাম্প্ৰদায়িকতাবাদহীন সমাজ আৰু সমন্বয়ৰ স্বপ্ন
– জুবিন গাৰ্গৰ মুক্ত চিন্তা, মুক্ত কণ্ঠ
– জুবিন গাৰ্গৰ মানৱীয় প্ৰমূল্য
– জুবিন গাৰ্গৰ সামাজিক দায়বদ্ধতা
– জুবিন গাৰ্গৰ অসমীয়া জাতীয়তাবাদ

এই অনুষ্ঠানত ১০০গৰাকী শিল্পীৰ সমৱেত ‘মায়াবিনী’ পৰিৱেশন কৰা হ’ব। লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হ’ব।

এই বিশেষ পৰিৱেশনত অংশগ্ৰহণ কৰিব যুতিমালা বৰগোহাঁই (আহোম ভাষা), বড়ো, চাহ বাগিচা, ৰূপা মিলি/তৰুলতা কুটুম (মিছিং), নীলাক্ষি নেওগ (মৰাণ), ৰাকেশ ৰিয়ান (মটক) আৰু পখিলা লেকথেপী (কাৰ্বি) আদি শিল্পীয়ে।

দিনজোৰা কাৰ্যসূচীৰ মাজতে জুবিন গাৰ্গৰ কবিতা আবৃত্তি আৰু তেওঁৰ স্মৃতিত লাইভ পেইণ্টিং অনুষ্ঠিত হৈ থাকিব।

‘জুবিনৰ অসম — সুৰৰ পৰা সংকল্পলৈ’

সংকল্পৰ দিন

স্মৃতি সপ্তাহৰ সামগ্ৰিক ভাবনাৰ সৈতে সংগতি ৰাখি ‘জুবিনৰ অসম — সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে জুবিন গাৰ্গৰ সপোন আৰু চিন্তাক এক নতুন সামাজিক-জাতীয় সংকল্পৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হ’ব।

এই উপলক্ষে জাতীয় সাংস্কৃতিক দাবীচনদ গ্ৰহণ কৰা হ’ব।

১৯ ছেপ্টেম্বৰ — জুবিন দিৱস

১৯ ছেপ্টেম্বৰ ‘জুবিন দিৱস’ হিচাপে পালন কৰা হ’ব।

দিনৰ ভাগত কেন্দ্ৰীয় সমিতিৰ ১০১গৰাকী জাতীয় সেৱকে জুবিনক্ষেত্ৰলৈ যাত্ৰা কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। অসমৰ বিভিন্ন জিলাৰ পৰাও জাতীয় সেৱকসকল জুবিনক্ষেত্ৰলৈ উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰিব।

নিশাৰ ভাগত অসম জাতীয় পৰিষদৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত বন্তি প্ৰজ্জ্বালন, মৌন প্ৰাৰ্থনা আৰু ‘মায়াবিনী’ পৰিৱেশন কৰা হ’ব।

একেসময়তে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়েও নিজ নিজ জিলাত একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

অসম জাতীয় পৰিষদে বিশ্বাস কৰে যে জুবিন গাৰ্গৰ স্মৃতি কেৱল অতীতৰ সোঁৱৰণ হৈ নাথাকি নতুন অসমৰ নিৰ্মাণৰ বাবে এক ইতিবাচক চেতনা, মানৱীয় দায়বদ্ধতা আৰু জাতীয় সংকল্পৰ উৎস হৈ উঠিব লাগে।

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ — এই স্মৃতি সপ্তাহৰ জৰিয়তে জুবিন গাৰ্গৰ সৃষ্টিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ মুক্ত চিন্তা, মানৱতা, সমন্বয়, প্ৰকৃতিপ্ৰেম, সামাজিক দায়বদ্ধতা আৰু অসমীয়া জাতীয় চেতনাৰ ধাৰাক নতুন প্ৰজন্মৰ মাজত অধিক শক্তিশালী কৰি তোলাৰ এক সামূহিক প্ৰয়াস কৰা হ’ব।

আজিৰ সংবাদমেলত অসম জাতীয় পৰিষদে পুনৰ সজোৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আৰু প্ৰসং উল্লেখ কৰে৷ জুবিন গাৰ্গ হত্যাৰ ন্যায় লাগিবই বুলি উল্লেখ কৰি জুবিনক্ষেত্ৰ নিৰ্মাণকাৰ্য অধিক ক্ষিপ্ৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷ লগতে, দলটোৱে মুখ্যমন্ত্ৰীক জনসংযোগ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী হিচাপে ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি জনসংযোগৰ জৰিয়তে সংবাদ মাধ্যমত প্ৰচাৰৰ বাবে দাবী জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

by News Desk
September 24, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

by News Desk
September 23, 2026
54
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

by News Desk
September 22, 2026
52
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

by News Desk
September 17, 2026
51
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d