
ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ইয়াৰ মাজতে যোৱা ২৪ ঘণ্টাত হাইলাকান্দি সদৰ থানাৰ আৰক্ষীয়ে পৃথক অভিযান চলাই মুঠ ১৮ জন লোকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত লোকৰ লগতে ড্ৰাগছ সেৱনৰ অভিযোগত কেইবাজনো লোক আছে।
অভিযানৰ সময়ত আৰক্ষীয়ে মুঠ ৯.২২ কেজি গাঞ্জা আৰু ৫ গ্ৰাম য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা ১৮ জনৰ কেইবাজনৰো পূৰ্বে বিভিন্ন অপৰাধৰ সৈতে জড়িত থকাৰ ৰেকৰ্ড আছে। ড্ৰাগছখিনি ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ইফালে, একেলগে ১৮ জন লোক গ্ৰেপ্তাৰ হোৱাৰ পিছত হাইলাকান্দি সদৰ থানাৰ সন্মুখত বৃহস্পতিবাৰে পুৱাৰে পৰা বহু লোকৰ ভিৰ দেখা যায়। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰিয়ালৰ সদস্য আৰু আত্মীয়-স্বজন থানাত উপস্থিত হয়। ফলত থানাৰ চৌহদত এক মেলাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়।













