
অসমত পুনৰ সক্ৰিয় হৈ উঠিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ NIA। জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে মঙলবাৰে পুৱাৰে পৰা অসমৰ কেইবাটাও প্ৰান্তত NIA-এ বৃহৎ অভিযান চলাইছে।
সূত্ৰৰ মতে, বৰপেটা, হাউলী আৰু সৰভোগত পৃথকে পৃথকে NIAৰ কেইবাটাও দলে একেলগে এই অভিযান চলাই আছে। অসমৰ পৰা দেশবিৰোধী কাৰ্যকলাপ চলি থকাৰ বৃহৎ তথ্য লাভ কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি, অভিযানত মুঠ ৬ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে বৰপেটা ৰোডত ২ জন, হাউলীত ১ জন আৰু সৰভোগত ৩ জনক আটক কৰা হৈছে।
NIA সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰা জেহাদী নেটৱৰ্ক সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে। বৰ্তমানেও বিভিন্ন স্থানত তালাচী অব্যাহত আছে আৰু গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।













