
ককৰোচ জনতা পাৰ্টীৰ (CJP) তিনিজন নেতা (Three leaders arrested) আশুতোষ ৰাংকা, সৌৰভ দাস আৰু আজিংক্য শিণ্ডেক গ্ৰেপ্তাৰ। এই কথা বুধবাৰে পুৱা চিজেপিৰ অধিবক্তা ৰত্না সিঙে কয়। দিল্লী আৰক্ষীয়ে কয় যে এই গ্ৰেপ্তাৰ এক প্ৰতিৰোধমূলক ব্যৱস্থা।
চিজেপিৰ আইনী মুৰব্বী ৰত্নাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আশুতোষক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে অৱগত কৰে। তেখেতে লিখিছে, “যন্তৰ-মন্তৰ কাণ্ডত সৌৰভ দাস, আশুতোষ ৰাংকা আৰু আজিংক্য শিণ্ডেক পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অনধিকাৰ প্ৰৱেশ, বণ্ডৰ চৰ্ত উলংঘা আৰু চৰকাৰী কৰ্মচাৰীক দায়িত্ব পালনত বাধা দিয়াৰ অভিযোগ দাখিল কৰা হৈছে।”
বুধবাৰে পুৱা মন্দিৰ মাৰ্গ থানাত কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব পাৰে তিনিওজনকে। আশংকা কৰা হৈছে যে তেওঁলোকক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব পাৰে। মঙলবাৰে মাজনিশালৈকে তেওঁলোকৰ অধিবক্তাক লগ কৰিবলৈ দিয়া হোৱা নাছিল বুলি অভিযোগ কৰে ৰত্নাই। পুৱা ৩ বজাৰ ভিতৰত তিনিওজনকে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানালৈ লৈ যোৱা হয়। চিজেপিয়ে আৰক্ষীৰ বিৰুদ্ধে‘অবৈধ কার্য’ৰ অভিযোগ উত্থাপন কৰিছে৷ লগতে দাবী কৰিছে যে চিজেপিৰ মনোবল এনেদৰে ভাঙিব নোৱাৰে।

মঙলবাৰে পুৱা চিজেপিৰ তিনিজন নেতাই গে’টত উঠি বন্ধ যন্তৰ-মন্তৰত প্ৰৱেশ কৰে। তেওঁলোকৰ লগত চিজেপিৰ দুজনমান সমৰ্থকো আছিল। তাত প্ৰৱেশ কৰি তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। কিন্তু আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি চিজেপি, নেতাসকলৰ বিৰুদ্ধে আইন উলংঘা কৰাৰ বাবে এফআইআৰ দাখিল হ’ব পাৰে। বাকীসকলক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তিনিওজন নেতাক ‘প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ’ কৰা হৈছে বুলি দিল্লী আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে (১০ অক্টোবৰ) দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে দীপকে-ৰাংকা-সৌৰভক ‘প্ৰতিৰোধমূলকভাৱে গ্ৰেপ্তাৰ’ কৰিছিল। এবছৰৰ বাবে ‘শান্তি বজাই ৰখা’ চৰ্তত আদালতৰ পৰা জামিন লাভ কৰিছিল তেওঁলোকে। সোমবাৰে ঘোষণা কৰা হয় যে যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী নিষিদ্ধ কৰা হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন কমিটীৰ পৰামৰ্শৰ ভিত্তিত এই নিৰ্দেশ জাৰি কৰিছে গৃহ মন্ত্ৰালয়ৰ অধীনস্থ দিল্লী আৰক্ষীয়ে। যন্তৰ-মন্তৰৰ সলনি ৰাজধানীৰ তিনিটা স্থান চিনাক্ত কৰা হৈছে। সেইকেইটা হৈছে ৰামলীলা ময়দান, বুৰাৰী খেলপথাৰ আৰু পূব দিল্লী চিবিডি। এতিয়াৰ পৰা সেই তিনিটা স্থানত প্ৰতিবাদ অনুষ্ঠিত কৰিব পাৰিব। কিন্তু কেন্দ্ৰৰ নিৰ্দেশ পালন নকৰি যন্তৰ মন্তৰত-প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি পুনৰ গ্ৰেপ্তাৰ হয় চিজেপিৰ নেতা।












