
বিহাৰত (Bihar) গংগা নদীৰ মাজত এখন নাও ওলটি (Boat accident) যোৱাত ১৩ জন লোকৰ মৃত্যু (13 people died) হয়। মৃতসকলৰ অধিকাংশই শিশু আৰু নাবালক। বিহাৰৰ বৈশালী ৰাঘোপুৰ অঞ্চলত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, নাওখনত ১৫ৰ পৰা ২০জন যাত্ৰী আছিল আৰু তেওঁলোক সকলোৱেই এটা অতিথিশালালৈ গৈ আছিল।
হঠাৎ নিশা ৮.৩০ মান বজাত নাওখন নৈৰ মাজতে ওলটি যায়। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ডুবাৰুৱে নিৰুদ্দেশ হোৱা লোকক বিচাৰি আছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহতসকলৰ অধিকাংশই শিশু আৰু নাবালক। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ অঞ্চলটোত মোতায়েন কৰা হৈছে। তদুপৰি স্থানীয় গাঁওবাসীয়েও নদীত নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত প্ৰশাসনৰ লগত সহযোগিতা আগবঢ়াইছে। ইতিমধ্যে কেইবাজনো লোকক উদ্ধাৰ কৰি স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছে।

এই পৰ্যন্ত আৰক্ষীয়ে নিহত ৯ জনক চিনাক্ত কৰিছে। আটাইকেইজনেই নাবালক। তেওঁলোকৰ নাম পিংকি কুমাৰী, অংকিতা কুমাৰী, সুনীতা কুমাৰী, আৰিয়ান কুমাৰ, আলিশা কুমাৰী, শিকি কুমাৰী, ভনু কুমাৰী, মীৰা কুমাৰী আৰু নমন কুমাৰ। আটাইকেইজন ৰামপুৰ শ্যামচান্দ গাঁৱৰ বাসিন্দা।
দুৰ্ঘটনাৰ পিছতে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীয়ে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “বৈশালীৰ ৰাঘোপুৰত সংঘটিত দুৰ্ঘটনাত নিৰীহ লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰটো দুখজনক। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা। ভগৱানে তেওঁলোকৰ আত্মাক শান্তি দিয়ক আৰু পৰিয়ালসমূহক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”
আৰজেডিৰ নেতা তথা ৰাঘোপুৰৰ বিধায়ক তেজস্বী যাদৱেও তেওঁৰ এক্স হেণ্ডেলত শোক প্ৰকাশ কৰে। তেওঁ নিজৰ পোষ্টত লিখিছে, “ৰাঘোপুৰ দিয়াৰা অঞ্চলত এখন নাও ওলটি পৰাৰ দুৰ্ভাগ্যজনক আৰু দুখজনক খবৰ আমি পাইছোঁ। ডুবি যোৱাসকলৰ অধিকাংশই শিশু। ভগৱানে সকলোকে সুৰক্ষিত ৰাখক। স্থানীয় ৰাইজ, প্ৰশাসন আৰু শ্ৰমিকৰ সৈতে আলোচনাৰ অন্তত সাহায্য, উদ্ধাৰ আৰু চিকিৎসা অভিযান ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”












