
ৰাজস্থানৰ ভাৰত-পাক সীমান্তৰ (India-Pakistan border of Rajasthan) শ্ৰীগংগানগৰ ছেক্টৰত উদ্ধাৰ (Rescued in Shriganganagar sector) হৈছে আইইডি আৰু আৰডিএক্সৰ (IED and RDX) দৰে শক্তিশালী বিস্ফোৰক। তদুপৰি কেইবাটাও আগ্নেয়াস্ত্ৰ আৰু শ শ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে এই বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ ড্ৰ’নৰ জৰিয়তে ভাৰতলৈ সৰবৰাহ কৰা হৈছিল। উদ্ধাৰ হোৱা বিস্ফোৰক আৰু আগ্নেয়াস্ত্ৰ ৰাজ্যখনত বৃহৎ আক্ৰমণৰ বাবে সৰবৰাহ কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, এই বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰসমূহ ১২ আৰু ১৩ অক্টোবৰৰ নিশা নিক্ষেপ কৰা হৈছিল। পাকিস্তানৰ পৰা সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে এই ড্ৰ’নে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যেতিয়া নিৰাপত্তা বাহিনীয়ে সেইবোৰ গুলীয়াই নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া পুনৰ পাকিস্তানৰ ফালে পলায়ন কৰিছিল। বৃহস্পতিবাৰে পুৱা সীমান্তৰ সমীপৰ এখন অৰণ্যৰ পৰা উদ্ধাৰ কৰে বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্থানীয় দুজন যুৱকে কেইবাটাও পেকেট পৰি থকা দেখিছিল। সন্দেহজনক হৈ লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী উপস্থিত হৈ পেকেটসমূহ খুলি বিস্ফোৰক, কাৰ্টিজ আৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰে। তদন্তকাৰীয়ে জনোৱা মতে, ইয়াৰ পূৰ্বে ড্ৰ’নৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা হৈছিল। কেইবাবাৰো ড্ৰ’ন গুলীয়াই ধ্বংস কৰা হৈছিল। কিন্তু এইবাৰ বিস্ফোৰক, ডিটনেটৰ আৰু ৰেডিমেড বোমাও উদ্ধাৰ হয়। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, তিনিটা পেকেটৰ পৰা ৭.৫ কিলোগ্ৰাম আৰডিএক্স উদ্ধাৰ কৰা হৈছে।













