
বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) ২৫৫ সংখ্যক অধিৱেশন (Session) অনুষ্ঠিত হয়। ছেছন হলত পৰিষদৰ অধ্যক্ষ ৰাজু টিচ’ৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশন পুৱাৰ ১০ বজাৰ পৰা আৰম্ভ হয়। অধিৱেশনত মুখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে সদনত কেগৰ প্ৰতিবেদন দাখিল কৰি ‘ৰাজহুৱা হিচাপ সমিতি’ৰ অধ্যক্ষ পবিত্ৰ ৰংপিক দায়িত্ব অৰ্পণ কৰে। তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰী সেৱা বিধি আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ২০০ কোটিৰ পৰিপুৰক বাজেট দাখিল কৰে।
বিত্তীয় বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২৬টা পৰিষদীয় সমষ্টিত স্থানীয় ৰাইজৰ সৈতে অন্তৰংগ আলাপৰ সময়ত লাভ কৰা অভাৱ-অভিযোগসমূহ পূৰণৰ বাবে পৰিপূৰক বাজেট সদনত উথাপন কৰে।

উল্লেখ্য যে ১৯৫২ চনৰ ২৩ জুনত গঠিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্মচাৰীসকলৰ চাকৰি সেৱা বিধি নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পৰিষদৰ ‘চাকৰি সেৱা বিধি’ সদনত দাখিল কৰে।
আনহাতে, ৰাজ্যপালৰ পৰা অনুমোদন লাভ কৰাৰ পিছত পৰিষদৰ অধীনস্থ সকলো কৰ্মচাৰীৰ বাবে চাকৰি সেৱা বিধি প্ৰযোজ্য হ’ব। এই বিধি কাৰ্যকৰী হ’লে ১ লাখ টকা দৰমহা পোৱা পৰিষদৰ সদস্যসকলে মাহিলি ৫০ হাজাৰ টকা পেঞ্চন লাভ কৰিব।













