
পেট্ৰ’লত ২০ শতাংশ ইথানলৰ মিশ্ৰণক (ই-২০) লৈ চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা তীব্ৰ অসন্তুষ্টি আৰু সমালোচনাৰ সৃষ্টি হৈছে। এইবাৰ বিতৰ্কৰ মাত্ৰা বৃদ্ধি পাইছে। কৰ্ণাটক চৰকাৰে দাবী কৰিছে যে বিভিন্ন তেল বিপণন কোম্পানীয়ে বিক্ৰী কৰা ই-২০ (E20) পেট্ৰ’লত ইথানলৰ পৰিমাণ বহুত বেছি।

কিছুমান ক্ষেত্ৰত পেট্ৰ’লত ইথানলৰ পৰিমাণ ৩১.২ শতাংশ। অতিৰিক্ত ইথানলৰ সৈতে মিহলি পেট্ৰ’ল ব্যৱহাৰৰ বাবে মটৰচালকসকলে আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। সেই উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ভুক্তভোগীৰ ক্ষতিপূৰণৰ দাবী জনাইছে।
কৰ্ণাটক চৰকাৰে আইঅ’চিএল, এইচপিচিএল, শ্বেলকে ধৰি বিভিন্ন তেল বিপণন কোম্পানীক লক্ষ্য কৰি লৈছে। এনে কোম্পানীসমূহৰ পৰা মুঠ ৬৩টা ই-২০ পেট্ৰ’লৰ নমুনা সংগ্ৰহ কৰা হৈছিল। সেই নমুনাবোৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। বিভিন্ন বিষয়ৰ তদন্ত কৰিবলৈ কোৱা হৈছিল।
ইয়াৰ ভিতৰত উল্লেখযোগ্য যে পেট্ৰ’লত থকা ইথানলৰ পৰিমাণৰ ৰিপ’ৰ্ট দিব লাগে। প্ৰথম অৱস্থাত সেই সকলো কোম্পানীকে বিতং তথ্য চৰকাৰক জমা দিবলৈ কোৱা হৈছিল। কিন্তু ইথানলৰ সন্দৰ্ভত কোনো স্পষ্ট উত্তৰ চৰকাৰলৈ প্ৰেৰণ কৰা নহ’ল। ইয়াৰ পিছত চৰকাৰে উদ্যোগ লৈ স্বতন্ত্ৰভাৱে নমুনা পৰীক্ষা কৰে।
চৰকাৰে বেংগালুৰুকে ধৰি কৰ্ণাটকৰ ৭ খন জিলাৰ পৰা নমুনা সংগ্ৰহ কৰে। সংগ্ৰহ কৰা নমুনাসমূহ বেংগালুৰুৰ শ্ৰীৰাম গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয়। নমুনা পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত কৰ্ণাটক চৰকাৰে এক অধিসূচনা জাৰি কৰে।
অধিসূচনাত কোৱা হৈছে, “এইবোৰ ই-২০ ইন্ধন নহয়। আইঅ’চিএল পেট্ৰ’লত ৩১.২ শতাংশতকৈ অধিক ইথানল, এইচপিচিএলত ৩০.৫ শতাংশ, বিপিচিএলত ২৬.৫ শতাংশ, নায়াৰাত ২৬.১ শতাংশ আৰু শ্বেলত ২৫.৫ শতাংশ আছে।”
এতিয়ালৈকে সমগ্ৰ দেশতে পেট্ৰ’লত ২০ শতাংশ ইথানল মিহলোৱাৰ অনুমতি আছে। কিন্তু কৰ্ণাটক চৰকাৰে উল্লেখ কৰা প্ৰতিবেদনত দেখা গৈছে যে ইথানলৰ পৰিমাণ ২০ শতাংশ অতিক্ৰম কৰিছে। বহুতে আশংকা কৰে যে ইয়াৰ ফলত গাড়ীৰ মাইলেজ হ্ৰাস পাব আৰু ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পাব।
কৰ্ণাটকৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰিজৱান আৰ্ছাদে কেন্দ্ৰীয় চৰকাৰৰ আগত এই বিষয়টো উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে পেট্ৰ’লত অতিৰিক্ত ইথানল সংযোজনৰ বাবে বাহনৰ মালিকসকলে লোকচানৰ সন্মুখীন হ’ব পাৰে। সম্ভাৱ্য উদ্বেগৰ বিষয়ে অৱগত হৈ কৰ্ণাটক মন্ত্ৰীগৰাকীয়ে গ্ৰাহকৰ বাবে এটা নিৰ্দিষ্ট ক্ষতিপূৰণ পুঁজি গঠনৰ দাবী জনাইছে।
গ্ৰাহকৰ ওপৰত হ’ব পৰা আৰ্থিক বোজাৰ হিচাপো কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে কৰ্ণাটক চৰকাৰে। তেওঁলোকে দাবী কৰে যে বাহনৰ মাইলেজ ১০ শতাংশ হ্ৰাস পালে মটৰচাইকেল আৰোহীৰ বাবে বছৰি ৬২ হাজাৰ কোটি টকা খৰচ হ’ব পাৰে। ইথানল যোগ কৰাৰ বাবে বাহনৰ ছাৰ্ভিচিঙৰ খৰচো বৃদ্ধি পাব পাৰে।












