
দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংকৰ (Delhi Pollution) তথ্যক লৈ বিতৰ্কৰ মাজতে পোহৰলৈ আহিছে দীপাৱলীৰ নিশাৰ প্ৰতিঘণ্টাৰ হিচাপ। ইয়াৰ পৰা দেখা যায় যে দীপাৱলীৰ দিনা ৰাজধানী দিল্লীৰ বতাহত পিএম ২.৫ৰ (বতাহত ওপঙি থকা অতি মিহি কঠিন কণা, যাৰ ব্যাস ২.৫ মাইক্ৰ’মিটাৰ বা তাতকৈ কম। ইয়াৰ অন্যতম উৎস হৈছে বাহন আৰু ফটকাৰ পৰা ওলোৱা ধোঁৱা) মাত্ৰা প্ৰতি ঘনমিটাৰত ৩,৭৪৪ মাইক্ৰ’গ্ৰাম আছিল। এই কথা প্ৰকাশ কৰিছে হিন্দুস্তান টাইমছে। ই হৈছে দেশে নিৰ্ধাৰণ কৰা দৈনিক গুণমানৰ ৬০ গুণ (প্ৰতি ঘনমিটাৰত ৬০ গ্ৰাম)। প্ৰতিবেদন অনুসৰি, এই তথ্য সোমবাৰে নিশা প্ৰায় ৮ বজাত দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰে। সেই অনুসৰি দেওবাৰে দিনৰ ২ বজাত দিল্লীৰ মুণ্ডকাত পিএম ২.৫ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ৩,৭৪৪ মাইক্ৰ’গ্ৰাম।

সোমবাৰে পুৱা ৪ বজাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সমীপত ইয়াৰ মাত্ৰা আছিল প্ৰতি ঘনমিটাৰত ৩০২৩ মাইক্ৰ’গ্ৰাম। পুৱা ৫ বজাত নেতাজী সুভাষ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পশ্চিম কেম্পাছত পিএম ২.৫ প্ৰতি ঘনমিটাৰত ৩,০০৮ মাইক্ৰ’গ্ৰাম। ইয়াৰ উপৰি ৱাজিৰপুৰত দিনৰ ১ বজাত ২০০০ৰ ওপৰত, মন্দিৰ মাৰ্গত প্ৰতি ঘনমিটাৰত ২,৭২১ মাইক্ৰ’গ্ৰাম আৰু নেহৰু নগৰত প্ৰতি ঘনমিটাৰত ২,৮০৮ মাইক্ৰ’গ্ৰাম।
পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, দেওবাৰে ৰাজধানীত গড় পিএম ২.৫ স্তৰ প্ৰতি ঘনমিটাৰত ২৫৭ মাইক্ৰ’গ্ৰাম। সেইটোও আছিল দৈনিক ৰাষ্ট্ৰীয় মানৰ চাৰিগুণ। বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা দৈনিক মানৰ ১৭ গুণতকৈও অধিক আছিল (প্ৰতি ঘনমিটাৰত ১৫ মাইক্ৰ’গ্ৰাম)। দীপাৱলীৰ সময়ত দিল্লীত নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটোৱাৰ অনুমতি দিয়া হৈছিল। কিন্তু নিৰ্দিষ্ট সময়ৰ পিছতো গভীৰ নিশালৈকে ফটকা ফুটোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাজধানীত যেতিয়া ‘কোলাহলৰ দানৱ’ শিখৰত উপনীত হৈছিল, তেতিয়া দিল্লীৰ বিভিন্ন ঠাইত বায়ুৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰসমূহ হঠাতে অসাৰ হৈ পৰিছিল।
বায়ুৰ গুণাগুণ নিৰীক্ষণৰ বাবে ৰাজধানীত মুঠ ৫৯টা নিৰীক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। সেইবোৰে বতাহত পিএম ২.৫ৰ ওপৰত ঘণ্টাৰ মূৰ মূৰে তথ্য প্ৰকাশ কৰে। কিন্তু দীপাৱলীৰ সন্ধিয়াৰ পৰাই সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। দেওবাৰে সন্ধিয়া ৭ বজাত এটা নিৰীক্ষণ কেন্দ্ৰৰ পৰা পিএম ২.৫ৰ তথ্য পোৱা বন্ধ হৈ পৰে। নিশা ১ বজালৈকে এনে অসাৰ নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যা ৩৬ টালৈ বৃদ্ধি পায়। ফলত যিসময়ত নিয়ম অমান্য কৰি দিল্লীৰ বিভিন্ন প্ৰান্তত ফটকা ফুটোৱাৰ অভিযোগ উত্থাপন হৈছিল, সেই সময়ত ৰাজধানীখনৰ মাত্ৰ ২৩টা নিৰীক্ষণ কেন্দ্ৰৰ পৰা তথ্য উপলব্ধ হৈছিল। সোমবাৰে পুৱা ৮ বজাতো ৭টা মনিটৰিং ষ্টেচনৰ পৰা পিএম ২.৫ৰ তথ্য পোৱা নগ’ল।
দীপাৱলী উৎসৱৰ সময়ত ইমানবোৰ মনিটৰিং ষ্টেচন অসাৰ হৈ পৰাক লৈও ৰাজনৈতিক চাপ আৰম্ভ হৈছে৷ বায়ুৰ গুণাগুণ সূচকাংকৰ তথ্যৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আপে। আপ নেতা সৌৰভ ভৰদ্বাজে দিল্লী চৰকাৰে বায়ুৰ গুণাগুণৰ তথ্যত কম প্ৰদূষণৰ মাত্ৰা দেখুৱাবলৈ কাৰচাজি কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত দিল্লীৰ মন্ত্ৰী কপিল মিশ্ৰক সোধাত তেওঁ কয়, “অভিযোগ কৰা ব্যক্তিজনে বিতং তথ্য দিব লাগে। তেতিয়াহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।” তেওঁ প্ৰদূষণৰ বাবে শস্যৰ অৱশিষ্ট জ্বলোৱাটোকে দোষাৰোপ কৰে।











