
বিহাৰৰ বাহুবলী বিধায়ক অনন্ত সিঙে কন্যাৰ বাবে আয়োজন (Bihar MLA marriage ceremony) কৰিছে এক অনন্য বিবাহ। তেওঁ কেৱল বিহাৰৰ পৰাই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আনকি পাকিস্তানৰ পৰাও মানুহক আমন্ত্ৰণ জনাইছে। ৪ লাখ অতিথিৰ বাবে ভোজৰ ব্যৱস্থা কৰি আছে। মকামাৰ বিধায়কগৰাকীয়ে কন্যাৰ বিয়া উপলক্ষে ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে। ঘোঁৰা দৌৰৰ বিজয়ীক মহিন্দ্ৰা থাৰ দিয়া হ’ব। দ্বিতীয় স্থানৰ বাবে পুৰস্কাৰ হ’ব এখন বাইক। ২৫ নৱেম্বৰত বিহাৰৰ বাহুবলী নেতা অনন্তৰ কন্যা শিৱাংগী সিঙৰ বিয়া। কিছুদিন পিছতে জেডিইউৰ পৰা বহিষ্কৃত বিধায়কজনৰ হত্যাকাণ্ডৰ গোচৰত আত্মসমৰ্পণৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমা শেষ হ’ব। আদালতৰ নিৰ্দেশ অনুসৰি ১ ডিচেম্বৰৰ ভিতৰত আত্মসমৰ্পণ কৰিব বুলিও অনন্তই কয়। তাৰ আগতে বাহুবলী বিধায়কে কন্যাৰ বিয়াৰ আয়োজনত কোনো ত্ৰুটি এৰা নাই।

মকামাৰ লাদমা গাঁৱত কেইবিঘামান মাটি লৈ তাত বিবাহ অনুষ্ঠানৰ বাবে পেণ্ডেল সজাই তোলা হৈছে। বহিঃৰাজ্যৰ পৰা অনা হৈছে ফুল। উত্তৰ প্ৰদেশৰ পৰা মকমালৈ শ্ৰমিক আনি বিয়াখন সজাই তোলা হৈছে। ঘোঁৰা দৌৰৰ বাবেও এখন সুকীয়া খেলপথাৰ প্ৰস্তুত কৰা হৈছে। অনন্তই কয়, “ঘোঁৰা দৌৰত বিজয়ীক মহিন্দ্ৰা থাৰ দিয়া হ’ব।” কিন্তু পৰিৱেশ সচেতনতাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ তেওঁ কন্যাৰ বিয়াত কোনো ধৰণৰ আতচবাজীৰ ব্যৱস্থা কৰা নাই। বিধায়কগৰাকীয়ে কয়, “কেৱল বিহাৰতে নহয়, দেশৰ বিভিন্ন প্ৰান্তলৈ আনকি পাকিস্তানলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।” অনন্তৰ কন্যাৰ বিয়াত নিমন্ত্ৰিতসকলৰ ভিতৰত বিভিন্ন ৰাজনীতিবিদ, অভিনেতা, শিল্পীকে ধৰি বহু বিশিষ্ট ব্যক্তিও আছে। বিধায়কগৰাকীয়ে কয়, “আমি সকলোকে নিমন্ত্ৰণ কৰিম। বিয়াত কোনো শাসকীয় দল বা বিৰোধী দল নাথাকে। এই সকলো বিভাজন নিৰ্বাচনৰ সময়ত দেখা যায়। কিন্তু বিয়া আৰু পাৰিবাৰিক অনুষ্ঠানত নহয়।”
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডিৰ মুৰব্বী লালুপ্ৰসাদ যাদৱ দুয়োকে আমন্ত্ৰণ জনাইছে মকামাৰ বিধায়কগৰাকীয়ে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নিমন্ত্ৰণ কৰিব বিচাৰিছে। কন্যাৰ বিয়াত অভিনেতা সোণু সুদ, কণ্ঠশিল্পী মৈথিলী ঠাকুৰ, মনোজ তিৱাৰী, ভোজপুৰী তাৰকা পৱন সিঙকে ধৰি বিভিন্ন অভিনেতা-শিল্পীকো আমন্ত্ৰণ জনোৱা হৈছে। অৱশ্যে তেওঁলোকৰ ভিতৰত কোন কোন উপস্থিত থাকিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। উল্লেখ্য যে অনন্তৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক হত্যা কৰাৰ অভিযোগ আছে। ২০২৫ চনত তেওঁ জেডিইউৰ টিকটত মকামাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
সেই সময়ত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাই থকা এজন নেতা দুলাৰ চন্দ্ৰ যাদৱক হত্যা কৰা হৈছিল। জন সুৰজ পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল দুলাৰে। মাজবাটত অনন্তৰ অনুগামী আৰু দুলাৰৰ অনুগামীৰ লগত কাজিয়া লাগে। অভিযোগ অনুসৰি, কনভয় ৰখাই অনন্ত নিজেই গাড়ীৰ পৰা নামি আহিছিল। গাড়ীৰ পৰা দুলাৰক উলিয়াই আনি প্ৰথমে ভৰিত গুলী কৰিছিল। ইয়াৰ পিছত তীব্ৰ প্ৰহাৰ কৰে আৰু গাড়ীৰে চেপি হত্যা কৰে। সেই ঘটনাৰ পিছতে অনন্তক গ্ৰেপ্তাৰ কৰা হয়। জে’লত বহি নিৰ্বাচনত জয়ী হৈছিল। যদিও পিছত সেই ঘটনাত তেওঁ জামিন লাভ কৰিছিল যদিও শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে জামিন বাতিল কৰিছে।










