
কেৰালাম চৰকাৰে এইবাৰ ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল (E20) সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছে। ৰাজ্যখনৰ কেইবাটাও পেট্ৰ’ল পাম্পত অভিযান চলাইছে বিষয়াসকলে। ক’ৰবাত কোনো নিয়ম উলংঘা হৈছে নেকি পৰীক্ষা কৰি আছে। ৰাজ্যিক মন্ত্ৰী অনুপ জেকবে কয় যে ই-২০ পেট্ৰ’লৰ নমুনাও সংগ্ৰহ কৰা হৈছে। ভিডি সতীশনৰ নেতৃত্বাধীন কেৰালামৰ কংগ্ৰেছ চৰকাৰে সোমবাৰে কয় যে পেট্ৰ’লত অতিৰিক্ত ইথানল আছে নে নাই পৰীক্ষা কৰিবলৈ চাৰিখন জিলাৰ পেট্ৰ’ল পাম্পত ‘ছাৰপ্ৰাইজ ভিজিট’ আৰম্ভ হৈছে। সংবাদ সংস্থা পিটিআইৰ মতে, বাহনৰ ক্ষতি আৰু ইন্ধনৰ মূল্য সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত অভিযোগ দাখিল কৰি আহিছে। সেই অভিযোগৰ পৰিপ্ৰেক্ষিতত সতীশনৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ক’ৰবাত যদি কোনো ধৰণৰ নিয়ম উলংঘা দেখা যায় তেন্তে সংশ্লিষ্ট পেট্ৰ’ল পাম্প ছীল কৰা হ’ব বুলি জানিবলৈ দিয়ে। লগতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও চৰকাৰে কয়।

কেৰালামৰ খাদ্য আৰু যোগান মন্ত্ৰী অনুপ জেকবে কয় যে তেল ডিপোৰ পৰা পেট্ৰ’লৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰি চৰকাৰী পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ১০ দিনৰ ভিতৰত ফলাফল পোৱা যাব বুলি তেওঁ আশাবাদী। কেৰালাম চৰকাৰে কয় যে বহু মটৰচাইকেল আৰোহীয়ে ই-২০ পেট্ৰ’লক লৈ উদ্বেগ প্ৰকাশ কৰিছে। অতিৰিক্ত ইথানলৰ সৈতে পেট্ৰ’ল ব্যৱহাৰ কৰিলে গাড়ীখনৰ ক্ষতি হ’ব পাৰে বুলি তেওঁলোকৰ আশংকা। সেই অভিযোগৰ ভিত্তিত তিৰুৱনন্তপুৰম, এৰ্নাকুলাম, কোজিকোড় আৰু কান্নুৰৰ পেট্ৰ’ল পাম্পত অভিযান আৰম্ভ কৰা হৈছে।
পেট্ৰ’লত (E20) ২০ শতাংশ ইথানলৰ মিশ্ৰণক লৈ চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা তীব্ৰ অসন্তুষ্টি আৰু সমালোচনাৰ সৃষ্টি হৈছে। যোৱা সপ্তাহত কৰ্ণাটক চৰকাৰৰ দাবীত এই বিতৰ্কই কেইবাবাৰো অধিক তীব্ৰতৰ কৰি তুলিছিল। তেওঁলোকে দাবী কৰে যে বিভিন্ন তেল বিপণন কোম্পানীয়ে বিক্ৰী কৰা ই-২০ পেট্ৰ’লত ইথানলৰ পৰিমাণ বহু বেছি, ২৬-৩২ শতাংশ। কিছুমান ক্ষেত্ৰত পেট্ৰ’লত ইথানলৰ পৰিমাণ ৩১.২ শতাংশ। অতিৰিক্ত ইথানলৰ সৈতে মিহলি পেট্ৰ’ল ব্যৱহাৰৰ বাবে মটৰচালকসকলে আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। সেই উদ্বেগ প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক ভুক্তভোগীক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।
অৱশ্যে কৰ্ণাটক চৰকাৰৰ এই দাবী কেন্দ্ৰই খাৰিজ কৰিছে। এক বিবৃতিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ে কয় যে ই-২০ ইন্ধন দেশজুৰি নিৰ্ধাৰিত মানদণ্ড অনুসৰি উৎপাদন কৰা হয়। কেন্দ্রই দাবী কৰিছে যে দেশৰ প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ই-২০ ইন্ধনৰ নমুনা পৰীক্ষা কৰা হৈছে৷ ইয়াত ১৯-২১ শতাংশ ইথানলৰ পৰিমাণ পোৱা গৈছে। হৰদীপ সিং পুৰীৰ মন্ত্ৰালয়ে দাবী কৰিছে যে ব্যুৰো অব ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে নিৰ্ধাৰণ কৰা সীমাৰ ভিতৰতে আছে এই কাম। এইবাৰ কেৰালামৰ কংগ্ৰেছ চৰকাৰে ই-২০ পেট্ৰ’লৰ দিশত পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছে।











