
এমাহজোৰা বিশেষ অভিযানৰ জৰিয়তে ভাৰতীয় ৰে’লৱেই (Indian Railway) স্ক্ৰেপ (পুৰণি বা অব্যৱহৃত সামগ্ৰী) আঁতৰাই ৬২৮.৪৯ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ফলত মন্ত্ৰালয়ৰ ৬০০ কোটি টকাৰ লক্ষ্য অতিক্ৰম কৰিছে। এই প্ৰক্ৰিয়াত ১৪ একৰৰো অধিক মাটি মুকলি কৰা হৈছে বুলি ৰে’ল মন্ত্ৰালয়ে জানিবলৈ দিয়ে।

‘বিশেষ অভিযান ৬’ৰ অধীনত ভাৰতীয় ৰে’লৱেই এক লাখৰো অধিক পৰিচ্ছন্নতা অভিযান চলাইছে আৰু ডেৰ লাখতকৈ অধিক ইলেক্ট্ৰ’নিক আৱৰ্জনা (ই-ৱেষ্ট) আঁতৰাইছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। এক প্ৰেছ বিজ্ঞপ্তিযোগে মন্ত্ৰালয়ে কয়, “ভাৰতীয় ৰে’লৱেই ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আঞ্চলিক ৰে’লৱে, বিভিন্ন বিভাগ, উৎপাদন ইউনিট, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু অন্যান্য ৰে’লৱে প্ৰতিষ্ঠানত ‘বিশেষ অভিযান ৬’ সফলতাৰে সম্পূৰ্ণ কৰিছে।”
স্বচ্ছতা অভিযানৰ পৰিসৰত ৰে’ল ষ্টেচন, কাৰ্যালয়, কৰ্মশালা আৰু অন্যান্য ৰে’ল প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। এই অভিযানত ইলেক্ট্ৰ’নিক আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাশনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। পিটিআইৰ তথ্য অনুসৰি, ৰে’লৱেৰ বিষয়াসকলে কয় যে ১.৫ লাখৰো অধিক ইলেক্ট্ৰ’নিক আৱৰ্জনা আঁতৰাই ১০.৪৩ কোটি টকা উপাৰ্জন কৰা হৈছে।
ইয়াৰ উপৰি ভাৰতীয় ৰে’লৱেই পুৰণি সামগ্ৰী আৰু বৈদ্যুতিক নথি-পত্ৰ পৰ্যালোচনা কৰি ৰাজহুৱা অভিযোগ আৰু আবেদন, সংসদীয় প্ৰতিশ্ৰুতি, ভিআইপি ৰেফাৰেন্সকে ধৰি অন্যান্য বাকী থকা সমস্যাসমূহ সমাধানৰ কাম কৰিছে।
এই অভিযানৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ‘ৰে’ল জন সংবাদ’ৰ আয়োজন কৰিছিল, যাৰ ফলত যাত্ৰীসকলে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰাৰ সুযোগ লাভ কৰে। মন্ত্ৰালয়ে কয়, “২০২৬ চনৰ ২২ অক্টোবৰত সমগ্ৰ দেশৰ ৫,৮৮৪টা ৰে’ল ষ্টেচনত একেলগে ‘ৰে’ল জন সংবাদ’ কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত যাত্ৰীসকলে ৰে’ল বিষয়াসকলৰ আগত নিজৰ মতামত আৰু পৰামৰ্শ পোনপটীয়াকৈ প্ৰকাশ কৰাৰ সুযোগ পায়।”
সামগ্ৰিকভাৱে ‘বিশেষ অভিযান ৬’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা আৰু স্থান ব্যৱস্থাপনা, নথি-পত্ৰ পৰ্যালোচনা আৰু বাকী থকা সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে । একে সময়তে ভঙা-ছিঙা সামগ্ৰী আঁতৰোৱাৰ পৰা ৬২৮.৪৯ কোটি টকা আৰু ই-আৱৰ্জনা আঁতৰোৱাৰ পৰা ১০.৪৩ কোটি টকা উপাৰ্জন হয়।











