
কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাজেচৰা গাঁৱত সংঘটিত এক নৃশংস ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে (Man attack for fishing) । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে এজন ৭০ বছৰীয়া বৃদ্ধক নিৰ্মম প্ৰহাৰৰ অভিযোগ।

এই প্ৰহাৰত গুৰুতৰভাৱে আহত হয় বৃদ্ধগৰাকী। বৰ্তমান তেওঁ ডিফু মেডিকেল কলেজ হাস্পতালত হৈ আছে। জানিব পৰা মতে, তেওঁৰ অৱস্থা সংকটজনক। ব্যক্তিগৰাকীৰ নাম শংকৰ চাহু বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত পৰিয়ালে অভিযোগ কৰা অনুসৰি, যোৱা ২ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত শংকৰ চাহুৰ পুখুৰীত সন্তোষ চাহু (৩০) আৰু মদন চাহু (২২) নামৰ যুৱক দুজনে মাছ ধৰি আছিল। এই কাৰ্যত শংকৰ চাহুৱে বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি বিবাদৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি, সম্পৰ্কত দুই ভাতৃয়ে বৃদ্ধগৰাকীক আক্ৰমণ কৰাৰ কিছু সময়ৰ পিছতে পিতৃ গীৰ্জালাল চাহুও (৫০) আহি ঘটনাস্থলীত উপস্থিত হয়। ইয়াৰ পিছত তিনিওগৰাকী লগ হৈ শংকৰ চাহুক আক্ৰমণ কৰে। আনহাতে, বোৱাৰীয়েকে ৰক্ষা কৰিবলৈ চেষ্টা কৰাত তেওঁকো আক্ৰমণ কৰাৰ অভিযোগ।
এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে যোৱা ৩ নৱেম্বৰত ডকমকা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত ৬ নৱেম্বৰত আৰক্ষীয়ে দুই অভিযুক্তক আটক কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। কিন্তু মূল অভিযুক্ত গীৰ্জালাল চাহুক এতিয়াও আটক কৰা নাই বুলি পৰিয়ালে অভিযোগ কৰে। ফলত অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। আনহাতে, মূল অভিযুক্ত গীৰ্জালাল চাহুক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে।













