
ৰাহুল গান্ধীয়ে (Rahul Gandhi) আমেৰিকাত উপস্থিত হৈ ভাৰতৰ অৰ্থনৈতিক ‘দুৰ্দশা’, শিক্ষা খণ্ডৰ ‘অপব্যৱস্থাপনা’ আৰু ‘ভোট চুৰি’ৰ বিৰুদ্ধে মাত মাতিছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ আলোচনা-চক্ৰত লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীৰ এই মন্তব্যক বিজেপিয়ে ‘দেশবিৰোধী’ বুলি অভিহিত কৰিছে। ৰাহুল গান্ধীয়ে বহিঃৰাষ্ট্ৰত গৈ দেশৰ বদনাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে শাসকীয় দলটোৱে।

দুদিনীয়া ভ্ৰমণসূচীত আমেৰিকালৈ গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এই কাৰ্যসূচীত কলম্বিয়া বিশ্ববিদ্যালয় আৰু চিকাগো বিশ্ববিদ্যালয়ৰ আলোচনা-চক্ৰত তেওঁ অংশগ্ৰহণ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত এখন আলোচনা-চক্ৰত ভাৰতৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ৰাহুলে অৰ্থনীতি আৰু গণতান্ত্ৰিক পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।
তেওঁ কয়, “সাধাৰণ সত্যটো হ’ল ভাৰত অৰ্থনৈতিক সংকটত। এয়া এক বাস্তৱ। কোনোবাই ইয়াক উলাই কৰিব পাৰে। সংবাদ মাধ্যমে ইয়াক নস্যাৎ কৰিব পাৰে। কিন্তু ভাৰতৰ নিবনুৱা সমস্যাই এতিয়া এক বৃহৎ আকাৰ লৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাতো এক বৃহৎ সমস্যা আছে।”
আয়োজক লিডিয়া পলগ্ৰেনে ভাৰতৰ যুৱ সমাজ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে মোদী চৰকাৰক সমালোচনা কৰে। তেওঁ কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ এক বৃহৎ অংশই তেওঁলোকৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সন্মুখীন হৈছে। বিশেষকৈ শিক্ষিত মধ্যবিত্ত পৰিয়ালবোৰৰ মাজত হতাশা বৃদ্ধি পাইছে। তেওঁলোকে নিজৰ ভৱিষ্যতৰ স্পষ্ট দিশ দেখা নাপায়। শিক্ষা ব্যৱস্থাৰ ভিতৰতো একাধিক সমস্যাৰ সৃষ্টি হৈছে। বিজেপিৰ অভিযোগ যে ৰাহুল গান্ধীয়ে কেৱল ভুল তথ্য বিয়পাইছে।
কেন্দ্রত শাসকীয় দলক সমালোচনা কৰি দেশৰ ভাবমূর্তি কলংকিত কৰা বুলি আক্রমণত নামিছে গেৰুৱা শিবিৰ৷ বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই বিৰোধী নেতাজনক ‘স্বভাৱগত অপৰাধী’ আৰু ‘অৰাজকতাবাদী’ বুলি অভিহিত কৰে। তেওঁলোকৰ অভিযোগ যে ৰাহুল গান্ধী এতিয়া ‘দেশবিৰোধী অপপ্ৰচাৰৰ নেতা’ হৈ পৰিছে।
আনহাতে, ৰাহুল গান্ধীয়ে আমেৰিকাক কেৱল অৰ্থনীতিতেই নহয়, দেশত ‘ভোটি চুৰি’ৰ অভিযোগো উত্থাপন কৰিছে। তেওঁ কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰায় ১৪ কোটি লোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল।
ইয়াৰ পিছত সেই নিৰ্বাচনক কেনেকৈ ‘সম্পূৰ্ণ আইনী’ বুলি ক’ব পাৰি? নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। হাতত প্ৰমাণ লৈ কথা পাতিছে বুলি দাবী কৰে ৰাহুল গান্ধীয়ে। এনে ব্যৱস্থাৰ সংস্কাৰ নহ’লে পৰিস্থিতি সলনি হ’ব নোৱাৰে।
ৰাজনৈতিক অসন্তুষ্টি বৃদ্ধি পালে দেশৰ চৰকাৰে হিংসাৰ পথ ল’ব পাৰে বুলিও আশংকা প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। এই সন্দৰ্ভত বিজেপিৰ আন এজন মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে ৰাহুল গান্ধীক ‘দেশবিৰোধী অপপ্ৰচাৰৰ নেতা’ বুলি অভিহিত কৰিছে। ভাৰতৰ প্ৰগতি আৰু গণতন্ত্ৰৰ প্ৰতি ঘৃণাৰ বাবে ৰাহুলে বিদেশলৈ গৈ দেশৰ বিৰুদ্ধে নেতিবাচক কথা কৈছে বুলিও তেওঁ কয়।












