
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা (HS and HSLC exam) । সামাজিক মাধ্যমযোগে এই সময়সূচী প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

ঘোষিত সময়সূচী অনুসৰি, ২০২৭ চনৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ’ব। অন্ত পৰিব ১৬ মাৰ্চত। প্ৰথমদিনা অনুষ্ঠিত হ’ব হিন্দী বিষয়ৰ পৰীক্ষা। আনহাতে, ১৬ মাৰ্চত অৰ্থাৎ অন্তিমদিনা সাধাৰণ গণিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
ইফালে ২০২৭ চনৰ ১২ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাত অনুষ্ঠিত হ’বলগা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব। এই পৰীক্ষাৰ অন্ত পৰিব ৫ এপ্ৰিলত। আনহাতে, ৫০ নম্বৰৰ দক্ষতামূলক ব্যৱহাৰিক পৰীক্ষা ১৮ জানুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। একেদৰে ৩০ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষা ২৭ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।












