
বিগত তিনিটা দিন ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখা অসম বিধানসভাৰ উপাধ্যক্ষ তথা পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাব্বে টেৰণৰ যৌন অভিযোগৰ বিচাৰ আজি কাৰ্বি ৰজাৰ পৰম্পৰাগত আদালতত অনুষ্ঠিত হয়। বিচাৰ অনুষ্ঠানত হাব্বে টেৰণে অভিযোগৰাকীৰ মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক থকাৰ কথাটো স্বাকীৰ কৰে।

অৱশ্যে মহিলাগৰাকীয়ে হাব্বে টেৰণৰ বুলি দাবী কৰা সন্তানটো তেওঁৰ হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰিবৰ বাবে ডিএনএ পৰীক্ষা কৰিব লাগিব বুলি জনায়। এই ক্ষেত্ৰত অভিযোগকাৰী মহিলাগৰাকীয়েও সন্মতি প্ৰকাশ কৰে।
উল্লেখ্য যে হাব্বে টেৰণৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কাৰ্বি পৰম্পৰা অনুসৰি ঘোষণা কৰা হয় যে শনিবাৰে ইয়াৰ বিচাৰ কাৰ্বি ৰজাৰ দৰবাৰত দুয়োপক্ষৰ উপস্থিতি তথা গণ্য-মান্য ব্যক্তিক সাক্ষী কৰি অনুষ্ঠিত হ’ব। সেই অনুসৰি আজি কাৰ্বিৰ পৰম্পৰাগত আইনৰ অনুযায়ী “কাৰ্বি লংৰি ক্ৰেহিনি চাৰ হাবে আমাই”ৰ অধীনত এই বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয়।
বিচাৰস্থলীত নিৰ্দিষ্ট সময়তকৈ প্ৰায় আঢ়ৈ ঘণ্টা পলমকৈ অভিযোগকাৰী মহিলা কাবিন কিলিংপি আৰু অভিযুক্ত ডাঃ হাব্বে টেৰণ উপস্থিত হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ দোহাই দি বিচাৰত মাত্ৰ ৩৫ মিনিট সময় উপস্থিত থাকি হাব্বে টেৰণ ওলাই যায়।
ইফালে বিচাৰৰ অন্তত কাৰ্বি পৰম্পৰাগত ৰজা হাব্বে মেনছিং টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে ডাঃ হাব্বে টেৰণে মহিলাগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক থকাৰ কথাটো স্বীকাৰ কৰিছে। কিন্তু তেওঁ জন্ম দিয়া বৰ্তমানৰ ৫ বছৰীয়া সন্তানটো হাব্বে টেৰণৰ হয় নে নহয় তাক প্ৰমাণ কৰিবলৈ ডিএনএ পৰীক্ষাৰ বাবে সন্মতি প্ৰদান কৰে।
আনহাতে, ডিএনএ পৰীক্ষাত যদি সন্তানটো হাব্বে টেৰণৰ বুলি প্ৰমাণিত হয় তেন্তে হাব্বে টেৰণে সন্তানটোৰ দায়িত্ব গ্ৰহণ কৰিব উল্লেখ কৰা বুলি হাব্বে মেনছিং টেৰণে কয় ।












