
দেশৰ বজাৰত যথেষ্ট সুনাম অৰ্জন আছে কাৰ্বি আংলঙত উৎপাদিত আদাৰ।জৈৱিক আৰু উন্নত মানৰ আদাৰ বাবে বিখ্যাত কাৰ্বি আংলং। কাৰ্বি পাহাৰৰ আদাক বিশ্বমুখি কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগে কৃষি বিভাগৰ সহযোগত বিগত বৰ্ষৰ পৰা আয়োজন কৰি আহিছে জিনজাৰ উৎসৱ (Ginger Festival)।

ডিফুৰ পাঁচ মাইলত আজিৰে পৰা দুদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। উৎসৱটিত ৰাজ্যৰ লগতে দেশৰো ভিন্ন প্ৰান্তৰ ক্ৰেতা-বিক্ৰেতাসকল উপস্থিত হৈছে। উৎসৱটিত ক্ৰেতা-বিক্ৰেতাসকলৰ এক সন্মিলনো অনুষ্ঠিত হয়।

উৎসৱৰ অন্তিম দিনাৰ কাৰ্যসূচীত বলিউদৰ কণ্ঠশিল্পী হানছিকা পাৰিকৰ সংগীতানুষ্ঠান হ’ব উৎসৱটিৰ অন্যতম মুখ্য আকৰ্ষণ।













