
লোকসভাৰ আসন বৃদ্ধি (Delimitation bill) আৰু পুনৰ বিন্যাস সন্দৰ্ভত শুকুৰবাৰে নৰেন্দ্ৰ মোদীৰ কেবিনেটে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ডিএমকেৰ দাবী কেন্দ্ৰই মানি লোৱাৰ পিছতে শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিয়েও কেন্দ্ৰৰ বিধেয়কক সমৰ্থন কৰিব বুলি কয়। শুকুৰবাৰে মোদীৰ কেবিনেটে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত ছীল-মোহৰ মাৰে। মন্ত্ৰীসভাই আসন বৃদ্ধি আৰু পুনৰ নিৰ্ধাৰণ খচৰা বিধেয়কত অনুমোদন জনায়। বিধেয়কখনত উল্লেখ কৰা হৈছে যে পুনৰ নিৰ্ধাৰণ পৰ্যায়ত দেশৰ প্ৰতিখন ৰাজ্যত লোকসভাৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাব। দ্বিতীয় সিদ্ধান্ত হ’ল যে লোকসভাৰ আসনৰ সংখ্যা ৫৪৩ খনৰ পৰা ৮৫০ খনলৈ বৃদ্ধি হোৱাৰ পাছত ৰাজ্যসভাৰ আসনৰ সংখ্যা আগন্তুক ২৫ বছৰলৈ অপৰিৱৰ্তিত হৈ থাকিব। অৰ্থাৎ ২০৫১ চনলৈকে আৰু কোনো আসন পুনৰ নিৰ্ধাৰণৰ বিধেয়ক অনা নহ’ব। কিন্তু প্ৰস্তাৱিত লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে অসমৰ কি লাভ হ’ব বা লোকসভাৰ আসনৰ সংখ্যা কিমানখন বৃদ্ধি পাব?

কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ প্ৰস্তাৱ অনুসৰি, বিধেয়কখন সংসদত গৃহীত হ’লে অসমৰ লোকসভাৰ আসনৰ সংখ্যা ১৪ খনৰ পৰা ২১ খনলৈ বৃদ্ধি হ’ব। উল্লেখ্য যে ২৭ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা সংবিধান (১৩২ সংখ্যক সংশোধনী) বিধেয়ক অনুসৰি, দেশৰ প্ৰতিখন ৰাজ্যতে সমানুপাতিকভাৱে লোকসভাৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। এই ৫০ শতাংশ বৃদ্ধিৰ সূত্ৰ অনুসৰি, অসমত বৰ্তমানৰ ১৪ খন লোকসভা আসনৰ লগত নতুনকৈ ৭ খন আসন যোগ হৈ মুঠ আসনৰ সংখ্যা ২১ খন হ’ব। ইয়াৰ উপৰি অসম বিধানসভাৰ আসনৰ সংখ্যাও ১২৬ খনৰ পৰা ১৮৯ খনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু যিহেতু প্ৰতিখন ৰাজ্যতে সমান হাৰত অৰ্থাৎ ৫০ শতাংশ আসন বৃদ্ধি কৰা হ’ব, সেয়েহে লোকসভাত অসমৰ প্ৰতিনিধিত্বৰ মুঠ অনুপাত বা অংশীদাৰিত্বৰ বিশেষ সালসলনি নহয়।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰই হয়তো ১৩১ সংখ্যক সংবিধান সংশোধনী বিধেয়ক (লোকসভাৰ আসন বৃদ্ধি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু মহিলাৰ বাবে সংৰক্ষণ প্ৰৱৰ্তনৰ সন্দৰ্ভত) গৃহীত কৰিবলৈ চেষ্টা কৰিব পাৰে। অৱশ্যে বিধেয়কখন গৃহীত কৰিবলৈ বিজেপি সমৰ্থিত এনডিএৰ হাতত পৰ্যাপ্ত সংখ্যক সাংসদ নাই। বৰ্তমান ৫৪৩ জনীয়া লোকসভাত তিনিখন আসন খালী হৈ আছে। যিকোনো সাংবিধানিক সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰিবলৈ হ’লে মুঠ ভোটদানকাৰী সাংসদৰ দুই তৃতীয়াংশৰ (৬৬.৬৭ শতাংশ) সমৰ্থনৰ প্ৰয়োজন। অৰ্থাৎ সকলো সাংসদে ভোটদানত অংশগ্ৰহণ কৰিলে চৰকাৰী দলটোৱে ৩৬০ জনৰ সমৰ্থন লাভ কৰিব লাগিব। ১৭ এপ্ৰিলত মোদী চৰকাৰে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি আৰু মহিলা সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক গৃহীত কৰাত ব্যৰ্থ হৈছিল, কিয়নো ইয়াৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা নাছিল। সেই সময়ত উপস্থিত থকা ৫২৮ জন সদস্যৰ ভিতৰত বিধেয়কখন গৃহীত কৰিবলৈ ৩৫২ টা ভোটৰ প্ৰয়োজন হৈছিল। চৰকাৰে পাইছিল ২৯৮। কিন্তু বিগত কেইমাহমানৰ পৰা ৰাজনৈতিক সমীকৰণৰ বহু পৰিৱৰ্তন হৈছে। তেনে ক্ষেত্ৰত এই বিধেয়ক গৃহীত কৰাত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ অসুবিধা নহ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত।
ইফালে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পিছত ছবিখন অলপ সলনি হৈছে। শৰদ পাৱাৰৰ গোটে আসন পুনৰ নিৰ্ধাৰণৰ সৈতে জড়িত বিধেয়কখন সমৰ্থন কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে। এই বিধেয়ক সন্দৰ্ভত জ্যেষ্ঠ নেতা তথা এন চি পি (শৰদ)ৰ মুৰব্বীগৰাকীৰ সৈতে প্ৰাৰম্ভিক আলোচনা হোৱা বুলি কয় দলীয় বিধায়ক জিতেন্দ্ৰ আৱহাদে। তেওঁ কয় যে এই পুনৰ নিৰ্ধাৰণ অন্ততঃ জৰুৰী। অৱশেষত যদি কেন্দ্ৰই শৰদ শিবিৰক নিজৰ পক্ষত লয় তেন্তে তেওঁলোকে বিধেয়কখন গৃহীত কৰিবলৈ ৮ জন সাংসদৰ সমৰ্থন লাভ কৰিব। অৱশ্যে শৰদৰ কন্যা তথা দলৰ সাংসদ সুপ্ৰিয়া ছুলেয়ে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি কয়।











