
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজান আৰু খটখটী অঞ্চলত আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰি আহিছে।

তাৰে পুনৰাবৃত্তি হয় শনিবাৰে।বিয়লি লাহৰিজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ডিমাপুৰৰ দিশৰ পৰা খটখটী অভিমুখে আহি থকা এখন হাইক্ৰছ বাহনত নম্বৰ (এন.এল. ০৭ চিচি ৯০৫২) খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ সোণোৱালে তালাচী চলায়।
অভিযান কালত আৰক্ষীয়ে বাহনখনৰ চালকৰ শৰীৰত লুকুৱাই অনা এটা চাবোনৰ বাকচৰ পৰা প্ৰায় ৮.২৬ গ্রাম নিষিদ্ধ হেৰ’ইন জব্দ কৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে বাহনখনৰ চালক তথা ডিমাপুৰ জিলাৰ আকাতু চেমাক খটখটী আৰক্ষীয়ে আটক কৰিছে।
ড্রাগছ সৰবৰাহৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে।












