ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসুৰ বধৰ বাবে সুৰ : হৃদস্পন্দন স্বাভাৱিক কৰিবলৈ ‘মিউজিক থেৰাপি’

ASSAM TIMES POST by ASSAM TIMES POST
August 23, 2020
Reading Time: 3 mins read
A A
0
অসুৰ বধৰ বাবে সুৰ : হৃদস্পন্দন স্বাভাৱিক কৰিবলৈ ‘মিউজিক থেৰাপি’

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত নানা অস্ত্র-শস্ত্রৰ উপৰি আৰু এবিধ অস্ত্ৰক সঙ্গী কৰিব পাৰে। সুৰ শুনিও কিছু পৰিমাণে বশ কৰিব পৰা যায় নোভেল ক’ৰোনা ভাইৰাছৰ কাৰণে মন বেয়া আৰু সৰু-সুৰা শাৰীৰিক অস্বস্তি।

কেমব্রিজৰ এঞ্জিলা ৰাস্কিন ইউনিভাৰ্ছিটীৰ মিউজিক, হেল্থ এণ্ড ব্রেইনৰ গৱেষক জর্জ ফেকনাৰ আৰু তেওঁৰ সহযোগীসকলে হস্পিটেলত ভর্তি হৈ থকা ৰোগীসকলক নানা সুৰ শুনাই তেওঁলোকৰ মস্তিষ্কৰ ইলেকট্রো এনছেফেলোগ্রাম বা ইইজি ৰিপোর্টত উল্লেখযোগ্য পৰিবর্তন দেখিছে।

185A1226 e1598152611805 | ASSAM TIMES POST

এই গৱেষণা-পত্রৰ পৰা জনা গৈছে যে, মস্তিষ্কৰ এক বিশেষ নিউৰোট্রান্সমিটাৰ ডোপামিনৰ নিঃসৰণ বাঢ়ি যোৱাত ৰোগীসকলৰ শাৰীৰিক আৰু মানসিক কষ্ট বহুখিনিয়েই কমে। মিউজিক থেৰাপি গৱেষণাত ই এক উল্লেখযোগ্য সংযোজন বুলি দাবী প্রফেছৰ ফেকনাৰৰ।

মিউজিক থেৰাপিৰ বিশেষজ্ঞসকলৰ মতে সুৰৰ যাদুত বিভিন্ন অসুখ-বিসুখৰ বৃদ্ধিক নিয়ন্ত্ৰণ কৰিব পৰা যায়।ভাৰতবর্ষ, মিছৰ, চীন, গ্রীছ আৰু ৰোমত সভ্যতাৰ আৰম্ভণিতে সুৰৰ সহায়ত অসুখৰ চিকিৎসা কৰা হৈছেল।

কিন্তু উপযুক্ত প্রমাণৰ অভাৱত বহু দিন সেয়া পৰি থাকিল। প্রথম বিশ্বযুদ্ধৰ সময়ৰ পৰা চিকিৎসকসকলে আহত সৈন্যসকলৰ বিষ-যন্ত্রণা কমাবলৈ মৃদু লহৰত গান-বাজনা ব্যৱহাৰ কৰি উল্লেখযোগ্য ফল পাইছিল।

গান-বাজনাৰে চিকিৎসাৰ সূত্রপাত তেতিয়াৰ পৰাই। সৈন্যসকলৰ কষ্ট লাঘৱ হোৱাৰ সময়ৰ পৰাই এদল চিকিৎসা বিজ্ঞানীয়ে সমীক্ষা আৰম্ভ কৰি তাক লিপিবদ্ধ কৰা আৰম্ভ কৰে। দেখা যায়, শৰীৰ আৰু মন— দুয়োৰে কষ্ট কমাবলৈয়েই সুৰৰ উল্লেখযোগ্য ভূমিকা আছে।

বোষ্টনৰ বার্কলে কলেজ অব মিউজিকৰ অধ্যাপক সুজান হেনছাৰে সুৰ-চিকিৎসাৰ সহায়ত শৰীৰ আৰু মনৰ বহু সমস্যা নিয়ন্ত্রণৰ কথা জনাইছে।

music therapy nicu 1038x576 1 e1598152661782 | ASSAM TIMES POST

• নির্দিষ্ট কিছু সুৰ শুনালে ৰোগীৰ উৎকণ্ঠা, উদ্বেগ কমি মন শান্ত হয়।

• শ্বাস-প্রশ্বাস ক্রমশঃ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰে।

• ৰক্তচাপ কমে।

• হৃদপিণ্ডৰ অতিৰিক্ত স্পন্দন কমিবলৈ আৰম্ভ কৰে।

• পেশীৰ কাঠিন্য তথা বিষৰ উপশম হয়।

• মন-মগজুৰ আলস্য ভাব আঁতৰি মন শান্ত হয়।

• মূৰৰ যন্ত্রণা, বুকুত অস্বস্তি কমে।

• ডোপামিন নিঃসৰণ হয় কাৰণে ভাল টোপনি হয়।

• শাৰীৰিক অস্বস্তি আৰু কষ্টৰ বোধ কমি যায়।

• হজমৰ অসুবিধা ও পেটৰ সমস্যা গুচি যায়।

• খং নোহোৱা হৈ মন ভালে থাকে।

• অৱসাদ আৰু অকাৰণত মন বেয়ালগাৰ পৰা ৰেহাই পাব পাৰি।

29 1125.02 e1598152736692 | ASSAM TIMES POST

কিন্তু এটা কথা মনত ৰাখিব লাগিব, মিউজিক থেৰাপি কিন্তু কোনো মেজিক ঔষধ নহয়, ধীৰে ধীৰে কাম কৰে। সুৰ চিকিৎসাই খুব ভাল কাম কৰে শিশু আৰু বয়স্কসকলৰ ওপৰত।

কলকাতাৰ অর্থোপেডিক ছার্জন আৰু মিউজিক থেৰাপিৰ গৱেষক সুমন্ত ঠাকুৰে কয়, দুর্ঘটনাত ভয়ঙ্কৰভাবে আহত ৰোগীৰ কাণত হেডফোন লগাই মৃদু লয়ৰ চেতাৰ, সৰোদসহ লঘু বাদ্য শুনালে প্রাথমিকভাবে তেওঁলোকক স্থিতিশীল অৱস্থালৈ আনি তাৰ পিছত ছার্জাৰি কৰিলে ৰোগীৰ কষ্ট বহুখিন কমে।

দ্রুতভাৱে সুস্থ হৈও উঠে। কিন্তু বিষৰ ঔষধ যে একেবাৰেই নালাগে, সেয়া নহয়। যিকোনো শাৰীৰিক কষ্ট হ’লে মস্তিষ্কৰ এটি বিশেষ অংশ সক্রিয় হৈ উঠে।

সুন্দৰ সুৰ শুনিলে ডোপামিন নামৰ নিউৰোট্রান্সমিটাৰৰ নিঃসৰণ বাঢ়ি গৈ কষ্ট কমোৱাত সহায় কৰে। সুমন্ত ঠাকুৰে লগতে কয়, মিউজিক থেৰাপিৰ সহায়ত ৰাগীৰ নাড়িৰ গতি (পালছ ৰেট), হৃদস্পন্দন, ৰক্তচাপ আৰু শ্বাস-প্রশ্বাসৰ হাৰ বহুখিনিয়েই স্বাভাৱিক ছন্দলৈ ঘূৰি আহে।

কিন্তু এইটোও ঠিক যে, মিউজিক থেৰাপি কোনো স্বয়ংসম্পূর্ণ চিকিৎসা নহয়, সহায়ক চিকিৎসা মাত্র।কোভিড-১৯ সংক্রমণত যিসকলে সপ্তাহ ধৰি হস্পিটেলত বা আইছলেচনত থাকিবলগা হয় তেওঁলোকৰ বাবে ই কার্যকৰী হ’ব বুলি ভাবে চিকিৎসক সুমন্ত ঠাকুৰে।

২০ বছৰৰো অধিক সময় ধৰি তেওঁ অর্থোপেডিক ৰোগীসকলৰ ছার্জাৰিৰ পূৰ্বে আৰু পিছত গান শুনাই বিষ কমাইছে। সেয়ে এই থেৰাপি আইছলেচনত কার্যকৰী হ’ব বুলি তেওঁ ভাবে।

গানে মনঃসংযোগ বৃদ্ধিত সহায় কৰে। পঢ়া-শুনাত অমনোযোগী শিশুসকলৰ ওপৰত সমীক্ষা কৰি দেখা গৈছে, যিসকল অত্যন্ত চঞ্চল তেওঁলোকক সুন্দৰ গান বা বাদ্য শুনালে ছয়-সাত মিনিট পর্যন্ত নিবিষ্ট মনে শুনে।

সমীক্ষাত প্রমাণিত, সৰু বয়সৰ পৰা যিসকলে গান-বাজনা শুনে তেওঁলোকৰ একাগ্রতা তুলনামূলকভাবে বেছি। আনকি যিবোৰ শিশুৱে জন্মৰ সময়ৰ পৰাই গান শুনে, তেওঁলোকে অন্যসকলতকৈ বহু আগতে কথা ক’বলৈ শিকে।

মস্তিষ্কৰ কথা কোৱা অংশক উজ্জীৱিত কৰে সুৰে। গৱেষণাত দেখা গৈছে, ষ্ট্ৰোক আক্রান্ত বয়স্ক মানুহৰ কথা কোৱাৰ ক্ষমতা গুচি গ’লে (এফাছিয়া) ভাল গান শুনালে তেওঁলোকে সহজতে কথা কোৱাৰ ক্ষমতা ঘূৰাই পায়।

শৰীৰ আৰু মন— দুয়োটাই ভালে ৰাখিবলৈ সহায় কৰে সুন্দৰ সুৰে, মেকগিল ইউনিভাৰ্ছিটী অব মন্ট্রিলৰ মনোবিজ্ঞানী ডেনিয়েল জে লেভিটিনে কয়৷ নিউৰোছায়েন্স অব মিউজিকৰ ওপৰত ৪০০টা ষ্টাডি কৰি তেওঁ এক গৱেষণা-পত্র প্রকাশ কৰিছে।

গুৰুতৰভাৱে অসুস্থ কিছু ৰোগীক নিয়ম মতে গান-বাজনা শুনাই দেখা গৈছে যে, কিছুদিনৰ ভিতৰতেই তেওঁলোকৰ শৰীৰৰ ৰোগ প্রতিৰোধক ইমিউনোগ্লোবিউলিনৰ সংখ্যা বহু বৃদ্ধি পাইছে। এই ‘নেচাৰেল কিলাৰ চেল’-এ আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

কোভিড-১৯ৰ পৰা আৰম্ভ কৰি ডেঙ্গি বা মেলেৰিয়াৰ বীজাণুৰ বিৰুদ্ধেও যুঁজ কৰাৰ বাবে প্রস্তুত থাকে আমাৰ শৰীৰ। ইয়াৰ উপৰি ষ্ট্ৰেছ হৰমোন কর্টিছলৰ মাত্রা কমাই দি মনৰ চাপ কমায়। গতিকে, ক’ৰোনা অসুৰক জব্দ কৰিবলৈ সঙ্গী কৰক সুৰক।

সৌজন্য : আনন্দবাজাৰ পত্ৰিকা

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID: assamtimespost@gmail.com

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx