![]()
জ্বলিছে শ্রীলঙ্কা। দ্বীপৰাষ্ট্রখনৰ ৰাষ্ট্ৰপতি গোতবায়া ৰাজাপক্ষে আৰু সদ্য প্রধানমন্ত্রীৰ পদৰ পৰা ইস্তফা দিয়া মাহিন্দা ৰাজাপক্ষেৰ পৈতৃক ঘৰত অগ্নিসংযোগ ঘটালে বিক্ষোভকাৰীয়ে। শ্রীলঙ্কাৰ ৰাজধানীৰ পৰা ২৫০ কিলোমিটাৰ দূৰৈৰ উক্ত ঘৰত জুই লগাই দিয়ে সোমবাৰে সন্ধ্যা। এই খবৰ দেশখনৰ স্থানীয় সংবাদ মাধ্যমৰ। ৰাজপক্ষেৰ কেৱল পৈতৃক ঘৰেই নহয়, তেওঁলোকৰ পিতৃ আৰু মাতৃৰ স্মৰণত নিৰ্মিত সৌধতো জুই লগোৱা বুলি খবৰ।
বিগত কেইবা মাস ধৰি অর্থনৈতিক সঙ্কটত যুঁজি থকা শ্রীলঙ্কাত প্রবল বিক্ষোভৰ সন্মূখীন হৈ সোমবাৰে প্রধানমন্ত্রীৰ পদৰ পৰা ইস্তফা দিয়ে মাহিন্দা ৰাজাপক্ষেই। তেওঁৰ পদত্যাগৰ পিছতেই অমৰকীর্তি আতুকোহালা নামৰ শাসক দলৰ এজন এমপিৰ মৃত্যু হয় গণৰোষত। শ্রীলঙ্কাৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্রৰ খবৰ, বিক্ষোভত গাড়ী আবদ্ধ হৈ যোৱাত বিক্ষোভকাৰীসকলক লক্ষ্য কৰি গুলী চলাইছিল তেওঁ। তাৰ পিছতেই তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
এই ঘটনাৰ কিছু পিছতেই খবৰ আহে, বিক্ষোভকাৰীসকলে শাসকদলৰ আৰু এজন এমপি আৰু এজন প্রাক্তন মন্ত্রীৰ ঘৰ জ্বলাই দিছে। শ্রীলঙ্কাৰ স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে প্রকাশ্যে অহা ভিডিওত মাউন্ট লাফিনিয়াত দেশৰ প্রাক্তন মন্ত্রী জনছন ফার্নান্ডোৰ ঘৰ জ্বলি থকা দেখা গৈছে। শ্রীলঙ্কাৰ আইনসভাত শাসক দলৰেই সদস্য সনৎ নিশান্তৰ ঘৰতো বিক্ষোভকাৰীয়ে আক্রমণ কৰি জুই জ্বলাই দিয়াৰ অভিযোগ।
স্থানীয় সংবাদ মাধ্যমৰ দাবী, মাহিন্দাই পদত্যাগ কৰাৰ পিছতেই দেশখনৰ বিভিন্ন স্থানত শান্তিপূর্ণ বিক্ষোভকাৰীসকলৰ ওপৰত আক্রমণ চলায় শাসক দলৰ কর্মী-সমর্থকসকলে। ইয়াৰ পিছতেই ওলোটাই মাৰমুখী হৈ শাসক দলৰ নেতাসকলৰ ওপৰত আক্ৰমণ চলোৱা আৰম্ভ কৰে বিক্ষোভকাৰীসকলে। প্রধানমন্ত্রীৰ ইস্তফাৰ পিছৰ পৰা শাসক দলৰ একাধিক নেতা-মন্ত্রীৰ ঘৰত আক্ৰমণ চলোৱা হৈছে।












