![]()
কাণ্ড জ্ঞানহীন SEBA! ফলাফল ঘোষণা ১মাহ এসপ্তাহৰ পিছত দশমস্থান লাভ কৰিলে এগৰাকী ছাত্ৰই।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দশম স্থান লাভ কৰিলে ছিপাঝাৰৰ এগৰাকী মেধাৱী ছাত্ৰই।ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ মেধাৱী অবিনাশ চহৰীয়াই আজি লাভ কৰে ফলাফল।
ছেৱা কৰ্তৃপক্ষই বাসগৃহত উপস্থিত হৈ জনাই ফলাফল।উল্লেখ্য যে বহী পুনৰীক্ষণ কৰিছিল ছাত্ৰজনে।গুৰুত্বপূৰ্ণ কথা যেযোৱা ৭জুনত ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত লাভ কৰিছিল ৯০শতাংশ নম্বৰ।গণিত বিষয়ত লাভ কৰিছিল ৫৩নম্বৰ।বহী পুনৰীক্ষণ কৰাত মেধাৱী ছাত্ৰজনে গণিতত লাভ কৰে ১০০নম্বৰ।
তাপৰ্যপূৰ্ণ কথা ছেৱা কাণ্ডজ্ঞানহীনতা বাবে স্থান লাভৰ পৰা বঞ্চিত হৈছিল অবিনাশে।ছেৱা কৰ্তৃপক্ষৰ ভুলৰ বাবে এমাহৰ পিছত সঠিক ফলাফল লাভ কৰি ছাত্ৰ জনে।বহী পুনৰীক্ষণ কৰাত পূৰ্বে অসমীয়াত ৯১নম্বৰ পোৱা ছাত্ৰজনে বৰ্তমান ৯২নম্বৰ লাভ কৰে।ইফালে ফলাফল লাভৰ পিচতে উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কতৃপক্ষ আৰু পিতৃ-মাতৃ।













