
কেৰালাত বৃদ্ধি পাইছে নাবালিকা গৰ্ভধাৰণৰ সংখ্যা। ইয়াকে লৈ উদ্বেগ প্ৰকাশ কৰি কেৰালা উচ্চ ন্যায়ালয়ে বিদ্যালয়সমূহত জীৱনশৈলী শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ কয়। আদালতৰ পৰ্যবেক্ষণ, এই অৱক্ষয়ৰ বাবে দায়ী নীলা ছবি (blue film)।
শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ত ১৩ বছৰীয়া নাবালিকাৰ গৰ্ভপাতৰ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ ভি জি অৰুণৰ বিচাৰপীঠত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। ৩০ সপ্তাহৰ গৰ্ভৱতী মহিলাগৰাকীক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়ে ন্যায়াধীশে।
ইয়াৰ পিছত তেওঁ কেৰালাত নাবালিকা গৰ্ভধাৰণৰ সংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰা শুনা গৈছিল। ন্যায়াধীশগৰাকীয়ে কয়, “এই গোচৰৰ শুনানিৰ পূৰ্বে মই নাবালিকা গৰ্ভধাৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি মোৰ উদ্বেগ প্ৰকাশ কৰিবলৈ বাধ্য হোৱা যেন অনুভৱ কৰিছো।”
ইয়াৰে বেছিভাগ ক্ষেত্ৰতে নাবালিকাৰ সৈতে সম্পৰ্কত নিকট আত্মীয় জড়িত হৈ থাকে। মোৰ মতে আমাৰ বিদ্যালয়সমূহত শিকোৱা জীৱনশৈলীৰ শিক্ষাৰ ওপৰত কৰ্তৃপক্ষই চোকা দৃষ্টি নিক্ষেপ কৰাৰ সময় আহি পৰিছে।”












