
কাৰবি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ উজান উঠিছে ৷পুৱাৰ ভাগত ডিলাই আৰক্ষীয়ে প্ৰায় নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাৰবি আংলং জিলাৰ উত্তৰ বৰবিলৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক বুজন পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক কৰাৰ পিছত পুণৰ খটখটী থানা এলেকাত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন সহ তিনিটা সৰবৰাহকাৰীক আটক কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি প্ৰায় চাৰি মান বজাত এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা অ’চি মৌবলিক ব্ৰক্ষ্ম, খটখটী থানা অ’চি ৰাজু দুৱৰা উপপৰিদৰ্শক আতিকুৰ ৰহমান, স্বমধন স্বৰ্গীয়াৰী, এপিআৰজি ষ্টাফ খটখটী থানা ষ্টাফ এএছচিঅ’এম, চি ২০ চিআৰপিএফৰ সহযোগত খটখটী থানা এলেকাৰ ৰেংমা বস্তিত নাকা তালাচী চলাই এন এল ০৭চিবি ২৮২৭ ইক’ ভেন বাহনৰ আৰু এন এল ০৭ চিএ ৫৫৮৬ নম্বৰৰ জীপচিৰ পৰা মুঠ ৯০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা অৱস্থাত ১ কেজি ৩৩০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷
উক্ত সন্দেহযুক্ত হেৰ’ইনখিনিৰ সৈতে জড়িত মণিপুৰ সেনাপতি জিলাৰ ক্ৰমে, ২৫ বছৰীয়া জ’নাথান ছাচামা, ৪২ বছৰীয়া ৱেইঅ’ আৰু নাগালেণ্ড কহিমা ২৫ বছৰীয়া আভিক আটক কৰে ৷












