
নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম দৈনিক বৃদ্ধি পাইছে। মেগীৰ পৰা পেঞ্চিললৈকে একোৱেই বাদ পৰা নাই। সেইবাবেই মায়ে পেঞ্চিল বিচাৰিলে নিদিয়ে, ওলোটাকে কিন্তু পিঠিত কোবহে পৰে। প্ৰথম শ্ৰেণীৰ এটি শিশুৱে নৰেন্দ্ৰ মোডীলৈ এখন চিঠি লিখে, যʼত তেওঁ সঠিকভাবে প্ৰকাশ কৰিছে যে তেওঁ মূল্যবৃদ্ধিৰ বাবে কি কি সমস্যাৰ সন্মুখীন হৈছে।
উত্তৰ প্ৰদেশৰ কন্নৌজৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী কৃতী ডুবেৰ এই চিঠিখন এতিয়া সংবাদ মাধ্যমৰ শিৰোনামত। বর্তমান সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ প্রকাশ কৰা চিঠিখন ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ চিঠিখনত কৃতীয়ে লিখিছে, ‘মোদীজী, আপুনি বস্তুৰ দাম বেছিকৈ বঢ়াইছে। আনকি, মোৰ পেঞ্চিল আৰু ইৰেজাৰৰ দাম বহুত বাঢ়িছে। মেগীও ব্যয়বহুল হৈ পৰিছে। এতিয়া মায়ে পেঞ্চিল বিচাৰিলে মাৰপিট কৰে। আন কিছুমানে মোৰ পেঞ্চিল চুৰি কৰিলে। এতিয়া মই কি কৰিম?’
হিন্দীত লিখা চিঠিখন দেখি হাঁহিৰ খোৰাকো পাইছে নেটিজেনসকলে। কিন্তু একে সময়তে কৃতীৰ সৰলতাত তেওঁলোক আপ্লুত হৈছে। কৃতীৰ পিতৃ বিশাল ডুবে পেছাত এজন অধিবক্তা। তেওঁ কয়, “এয়া আচলতে মোৰ ছোৱালীজনীৰ ‘মন কী বাত।'” কিছুদিন আগতে স্কুলত পেঞ্চিল এটা হেৰুৱাই পেলাইছিল। মাকক আন এডাল পেঞ্চিল বিচাৰি আবদাৰ কৰিছিল, তেতিয়া মাকে খং কৰি বকিছিল। তেতিয়াৰ পৰাই তাই এই বিষয়টোক লৈ অলপ চিন্তিত।











