![]()
খালত পৰিছিল এখন ট্ৰাক। দলঙৰ ওপৰৰ পৰা ট্ৰাকখন তুলিবলৈ চেষ্টা কৰি থাকোঁতে ক্ৰেনৰ তাঁৰ ছিগি যায়। ফলত ট্ৰাকখনৰ সন্মুখৰ ফালটো ওলোটা হৈ পৰে। তাৰ পিছত ক্ৰেনখনে নিজৰ ভাৰসাম্য হেৰুৱাই পেলায়। ট্ৰাকৰ পিছফালে সংলগ্ন কৰা ক্ৰেনৰ তাঁৰত টান খাই চালকৰ সৈতে থকা ক্ৰেনখন ১৫ ফুট উচ্চতাৰ পৰা খালটোৰ পানীত পৰে। উড়িশাৰ তালচেৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
লগে লগে চালকজনক লৈ সৃষ্টি হয় এক আতংকৰ পৰিবেশ। কিন্তু আচৰিতভাৱে কেইছেকেণ্ডমানৰ পিছত খালটোৰ ঘোলা পানীৰ পৰা ওলাই আহে চালকজন। ইয়াৰ পিছত তেওঁ সাঁতুৰি পাৰ পায়।
স্থানীয় একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, খালটোত পৰা ট্ৰাকখন টানি আনিবলৈ দুখন ক্ৰেন ব্যৱহাৰ কৰা হৈছিল। ট্ৰাকখন দুয়োফালৰ পৰা তুলিবলৈ দুখন ক্ৰেনে কাম কৰি আছিল। হঠাতে এখন ক্ৰেনৰ তাঁৰ ছিগি যায়। ফলত আনখন ক্ৰেনে ভাৰসাম্য হেৰুৱাই পেলায়। ট্ৰাকৰ বোজাত খালটোৰ পানীত পৰে ক্ৰেনখন। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।










