ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

দিল্লীৰ ‘বাছ-দুৰ্নীতিʼৰ এইবাৰ চি বি আই তদন্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 12, 2022
Reading Time: 1 min read
A A
0
দিল্লীৰ ‘বাছ-দুৰ্নীতিʼৰ এইবাৰ চি বি আই তদন্ত

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

আবকাৰী কেলেংকাৰীৰ সৈতে জড়িত অৰবিন্দ কেজৰিৱাল চৰকাৰৰ এজন মন্ত্ৰীৰ বিৰুদ্ধে চলি আছে চিবিআইৰ তদন্ত। এইবাৰ দিল্লীৰ আপ চৰকাৰৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে আৰম্ভ কৰিছে তদন্ত। আবকাৰী কেলেংকাৰীৰ দৰেই এইবাৰো কেন্দ্ৰীয় সংস্থাটোৱে লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ পৰামৰ্শ অনুসৰি দিল্লী পৰিবহণ নিগমৰ বাবে নিম্ন মহলাৰ বাছ ক্ৰয়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত তদন্তত নামিছে।

আবকাৰী কেলেংকাৰিৰ তদন্তত ইতিমধ্যে অস্বস্তিত পৰা দিল্লীৰ আম আদমী পাৰ্টী চৰকাৰে কেন্দ্ৰ আৰু বিজেপিক ইয়াৰ আঁৰত ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে যদিও বিৰোধী দল বিজেপি আৰু কংগ্ৰেছ নেতাই শাসনলৈ অহা চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে, দিল্লীত এইবাৰ ৰাজনীতিত স্বচ্ছতাৰ প্ৰতিশ্ৰুতিৰে চৰ্চালৈ আহিবলৈ আৰম্ভ কৰিছে।

কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে অভিযোগ আছে যে ১০০০ খন লো ফ্লোৰ বাছ ক্ৰয় কৰাৰ সময়ত নিবিদা আহ্বান কৰা আৰু নিলাম কৰাৰ প্ৰক্ৰিয়াত সকলো নিয়ম উলংঘা কৰা হৈছে। চলিত বৰ্ষৰ জুন মাহত দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ছাক্সেনাক এই অভিযোগ দাখিল কৰা হৈছে। এই সন্দৰ্ভত দিল্লীৰ মুখ্য সচিব নৰেশ কুমাৰৰ বক্তব্য জানিব বিচাৰে লেফটেনেণ্ট গৱৰ্ণৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাহত নৰেশ কুমাৰে লেফটেনেণ্ট গৱৰ্ণৰক নিজৰ প্ৰতিবেদন দাখিল কৰে। সেই প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যপালে চিবিআইক সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ পৰামৰ্শ দিয়ে।

অভিযোগ অনুসৰি, দিল্লী পৰিবহণ নিগমৰ জৰিয়তে বাছসমূহ ক্ৰয় কৰাৰ বাবে নিবিদা আমন্ত্ৰণ জনোৱা নিবিদা ক্ৰয় সমিতিৰ অধ্যক্ষ হিচাপে কেজৰিৱাল চৰকাৰত পৰিবহণ মন্ত্ৰী কৈলাশ গহলৌটক নিযুক্তি দিয়াটো “পূৰ্ব পৰিকল্পিত” আছিল। বাছ ক্ৰয়ৰ ক্ষেত্ৰত হোৱা অনিয়মৰ সুবিধাৰ বাবে দিল্লী ইন্টিগ্ৰেটেড মাল্টি-মডেল ট্ৰেনজিট চিষ্টেম (ডিআইএমটিএছ)ক মেনেজমেণ্ট কনচালটেণ্ট হিচাপে নিযুক্তি দিয়া হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে।

অভিযোগত আৰু উল্লেখ কৰা হৈছে যে ২০১৯ চনত ১০০০ খন নিম্ন মহলাৰ বি এছ-৪ আৰু বি এছ-৬ বাছ ক্ৰয় কৰা, ২০২০ চনৰ মাৰ্চ মাহত বি এছ-৬ বাছ ক্ৰয় কৰা আৰু বাৰ্ষিক ৰক্ষণাবেক্ষণ চুক্তিৰ ক্ষেত্ৰতো নিয়ম উলংঘা কৰা হৈছে।

এই সকলোবোৰ অভিযোগ সন্দৰ্ভত ১৯ আগষ্টত মুখ্য সচিবে ৰাজ্যপালক দাখিল কৰা প্ৰতিবেদনত কেইবাটাও ‘অনিয়মʼৰ কথাও উল্লেখ কৰা হৈছে। এজাহাৰত উল্লেখ কৰা হৈছে যে ডিআইএমটিএছ আৰু ডিটিচিৰ নিবিদা সমিতিয়ে নিবিদাসমূহৰ সঠিক মূল্যায়ন কৰা নাছিল।

ইয়াৰ পূৰ্বে অভিযোগসমূহ চাবলৈ গঠিত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া অʼ পি আগৰৱালাৰ নেতৃত্বত গঠিত কমিটীয়ে যোৱা বছৰৰ আগষ্ট মাহত দাখিল কৰা প্ৰতিবেদনত কেজৰিৱাল চৰকাৰক নিবিদা আৰু ক্ৰয় পদ্ধতিত অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল।

ইতিমধ্যে চিবিআইয়ে এই বাছসমূহ ক্ৰয় আৰু বাৰ্ষিক ৰক্ষণাবেক্ষণৰ সৈতে জড়িত চুক্তিসমূহৰ প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে, লেফটেনেণ্ট গৱৰ্ণৰে চিবিআইক নতুন অভিযোগ ফ্ৰেম কৰিবলৈও কৰ্তৃত্ব প্ৰদান কৰে।

আপ চৰকাৰে ৰাজ্যপালৰ এই নিৰ্দেশক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে। কেজৰিৱাল চৰকাৰে কয় যে বাছ কেতিয়াও কিনা হোৱা নাছিল, নিবিদাও বাতিল কৰা হৈছিল।

দিল্লীত এজন শিক্ষিত লেফটেনেণ্ট গৱৰ্ণৰৰ প্ৰয়োজন। তেওঁ কি চহী কৰিছে, এই ব্যক্তিজনে নাজানে! স্বয়ং ৰাজ্যপালৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। মনোযোগ আঁতৰাই ৰাখিবলৈ তেওঁ এই সকলোবোৰ তদন্ত কৰি আছে।

এতিয়ালৈকে কোনো তদন্তত কোনো ফলাফল পোৱা নাই। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে অভিযোগ কৰাৰ পিছত এইবাৰ তেওঁ চতুৰ্থ এজন মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ কৰিছে। আপৰ‌ দাবী, টকা দিও তেওঁলোকৰ বিধায়কসকলক কিনিব পৰা নাই, সেইবাবেই বাৰে বাৰে দুৰ্নীতিৰ ভুৱা অভিযোগ উত্থাপন কৰিছে।

Tags: দিল্লী
Share4Tweet3Send

Related Posts

9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

by Staff Reporter
June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

by News Desk
June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

by News Desk
June 18, 2026
50
Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা
National-International

Heat Wave : তীব্ৰ গ্ৰীষ্ম প্ৰৱাহ : উৰিষ্যাত বিদ্যালয় বন্ধ ঘোষণা

by News Desk
June 18, 2026
50
Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়
National-International

Jharkhand Rajya Sabha seat : ঝাৰখণ্ডৰ ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙত বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়

by News Desk
June 18, 2026
50
ADVERTISEMENT
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx