![]()
সমগ্ৰ দেশতে আৰম্ভ হৈছে NIAৰ দ্বিতীয় ৰাউণ্ডৰ অভিযান। পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া বা পি এফ আইৰ বিৰুদ্ধে চলি থকা দ্বিতীয় ৰাউণ্ডৰ অভিযানত এতিয়ালৈকে দেশৰ ৭-৮খন ৰাজ্যত এন আই এ আৰু অন্যান্য তদন্তকাৰী সংস্থাই অভিযান চলাই আছে। প্ৰথম ৰাউণ্ডৰ অভিযানৰ পিছত দ্বিতীয় ৰাউণ্ডত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। উদ্ধাৰ হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নথি।
সমগ্ৰ দেশতে আৰম্ভ হৈছে পি এফ আইৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ প্ৰচাৰ। দিল্লীৰ ৰোহিনী, নিজামুদ্দিন, জামিয়া মিলিয়া চৌহদত কোনো ধৰণৰ অশুভ ঘটনাৰ পৰা হাত সাৰিবলৈ জাৰি কৰা হৈছে ১৪৪ ধাৰা, শ্বাহীন বাগত নামিছে অৰ্ধসামৰিক বাহিনী। এতিয়ালৈকে পি এফ আইৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত ২৪৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
পিএফআইৰ সৈতে সম্পৰ্কিত ২৫ জন লোকক মঙলবাৰে অসমৰ পৰা আটক কৰা বুলিও আৰক্ষী সূত্ৰই জনায়। আৰক্ষী সূত্ৰই জনোৱা মতে, গোৱালপাৰাত সৰ্বাধিক ১০ জন পিএফআই কৰ্মী, কামৰূপত (গ্ৰাম্য) পাঁচজন আৰু ধুবুৰীত তিনিজন কৰ্মী আটক হোৱাৰ বিপৰীতে বাকীকেইজনক বৰপেটা, বাক্সা, দৰং, ওদালগুৰি আৰু কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হয়।
দেশৰ কমেও সাত-আঠখন ৰাজ্যত এন আই এ আৰু অন্যান্য তদন্তকাৰী সংস্থাই যৌথ অভিযান আৰম্ভ কৰিছে। এন আই এৰ সূত্ৰ অনুসৰি প্ৰথম পৰ্যায়ৰ অভিযানত গ্ৰেপ্তাৰ হোৱা পি এফ আই নেতাসকলক জেৰা কৰা হৈছে আৰু বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰা হৈছে। সেই তথ্যৰ ভিত্তিত সোমবাৰে গভীৰ নিশাৰ পৰা দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰা হৈছে।
পি এফ আইৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে সংগঠনটো সন্ত্ৰাসবাদীক বিত্তীয় সাহায্য প্ৰদানৰ লগতে মুছলমান যুৱক-যুৱতীসকলক অস্ত্ৰ প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত জড়িত। যুৱক-যুৱতীসকলক উগ্ৰ ধাৰণালৈ ঠেলি দিয়াৰ অভিযোগো উত্থাপিত হৈছে এই সংগঠনটোৰ বিৰুদ্ধে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত NIA-এ অভিযান চলাইছে বুলি জানিব পৰা গৈছে। ২২ ছেপ্টেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল NIA-ই। ১০৬ জন পি এফ আইৰ সদস্য আৰু নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। দেশৰ ১৫ খন ৰাজ্যত প্ৰথম পৰ্যায়ৰ অভিযান চলোৱা হৈছে।
সোমবাৰে গভীৰ নিশা আৰম্ভ হোৱা দ্বিতীয় ৰাউণ্ডৰ অভিযানত এই প্ৰতিবেদন যুগুতোৱাৰ সময়লৈকে বিভিন্ন ৰাজ্যৰ পৰা ২৫০ জনতকৈ অধিক পি এফ আই নেতা-সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে অধিকাংশ ৰাজধানী দিল্লীত আছে। ইয়াৰ পিছতে আছে মধ্যপ্ৰদেশ, অসম, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা আৰু উত্তৰ প্ৰদেশ।












