ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon I নগাঁৱত দৰ্শকক মুহিলে আমি ৭৯’ৰ ‘আপোন মানুহ’ নাটকে

ষ্টাফ ৰিপ'ৰ্টাৰ: নগাঁও

News Desk by News Desk
February 13, 2023
Reading Time: 1 min read
A A
0
Nagaon I নগাঁৱত দৰ্শকক মুহিলে আমি ৭৯’ৰ ‘আপোন মানুহ’ নাটকে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰাজনৈতিক পথাৰত দুয়ো পৰস্পৰ বৈৰী হ’লেও সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকৰ নাই কোনো বৈৰী ভাৱ। সংস্কৃতিৰ বিশালতাই ৰাজনীতিৰ ভেদ ভাৱক ম্লান কৰি নগাঁৱৰ দুগৰাকী ৰাজনীতিকক কালি নিশা একেটা অনুষ্ঠানত মিলিত কৰা মূহূৰ্ত্তৰ সাক্ষী হৈ ৰয় নগাঁৱৰ একাংশ সংস্কৃতিৱান দৰ্শক।

আপোন মানুহ
নগাঁৱত দৰ্শকক মুহিলে আমি ৭৯’ৰ ‘আপোন মানুহ’ নাটকে:

উল্লেখ্য যে নগাঁও (Nagaon) জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ (Library Auditorium)ত ১১ আৰু ১২ ফেব্ৰুৱাৰীত “বনহংস”ৰ (Banhansa) উদ্যোগত আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰাক্তন ছাত্র গোট “আমি-৭৯” ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “আপোন মানুহ” (Apun Manuh) শীৰ্ষক নাট (Drama)খনিৰ দ্বিতীয়টো দিনৰ প্ৰদৰ্শনীৰ কালি সন্ধিয়া মঞ্চ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই ।

আনহাতে চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উক্ত নাটকত এক বিশেষ চৰিত্ৰত অভিনয় কৰা নাটখনিৰ কেইবাটাও নাট্যমূহূৰ্ত্ত উপভোগ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই ।উল্লেখ্য যে, আমি ৭৯’ৰ দুগৰাকীকৈ সতীৰ্থ ক্ৰমে প্ৰয়াত তপন বৰুৱা আৰু জ্যোতিৰ্ময় গোস্বামীৰ সজল স্মৃতিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ একালৰ সহপাঠীসকলে দুদিনীয়া কাৰ্যসূচীৰে এই বিশেষ নাট্যানুষ্ঠানৰ আয়োজন কৰে।

আনহাতে কালি সন্ধিয়া ‘আপোন মানুহ’ নাটৰ মঞ্চ উদ্বোধন কৰি বিধায়ক ৰূপক শর্মাই এসময়ত নিজে অধ্যয়ন কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট আমি ৭৯’ৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে প্ৰিয় বন্ধুৰ স্মৃতিত একালৰ সহপাঠীৰ এনেধৰণৰ উদ্যোগ সঁচাকৈ প্ৰশংসনীয়। বিধায়ক শৰ্মাই বিদ্যালয়খনত অধ্যয়ন কৰা সময়ৰ তেওঁৰ অগ্ৰজ সকলৰ এনে পদক্ষেপক এক ভাললগা খবৰ বুলি উল্লেখ কৰি লগতে কয় যে স্কুলীয়া জীৱনৰ স্মৃতি মানুহৰ মনত সদায় সজীৱ হৈ থাকে আৰু স্কুলীয়া বন্ধু হৈছে সকলোতকৈ আপোন বন্ধু।

উল্লেখ্য যে আমি ৭৯’ৰ অন্যতম সদস্য বিশিষ্ট নাট্য শিল্পী প্ৰাণজিৎ গোস্বামীয়ে পৰিচালনা কৰা ‘আপোন মানুহ’ নাটকখনত অভিনয় কৰা শিল্পীসকল হৈছে ক্ৰমে মুকুট ৰঞ্জন শইকীয়া(পৰশু), দেৱজিৎ মজুমদাৰ(পুতুল), উৎপলা বৰুৱা(নিভা), ৰিয়া গোস্বামী(গোলাপী), সঞ্জীৱ কুমাৰ বৰা( নীলু), তমাচ ভূঞা (অজয়), ৰকিবুল হুছেইন ( সত্য), জ্ঞানজ্যোতি শর্মা( প্ৰথম ব্যক্তি),’দেৱজিৎ ভূঞা (দ্বিতীয় ব্যক্তি) আৰু গালিব শইকীয়া( ডাক্তৰ) ।

আনহাতে নাটকখনৰ নাট্য উপদেষ্টা হৈছে বিশিষ্ট নাট্য শিল্পী জিতেন্দ্ৰনাথ বৰা, পোহৰ পৰিকল্পনাত পাৰ্থ প্ৰতীম বৰা, সংগীত ব্যৱস্থাপনাত মনদ্বীপ মহন্ত, মঞ্চ সজ্জাত হৰজিৎ সিং আৰু ৰূপ সজ্জাত প্ৰশান্ত বৰা।

উল্লেখ্য যে ‘আপোন মানুহ’ নাটখনৰ বিভিন্ন চৰিত্ৰত আমি ৭৯’ৰ গৰিষ্ঠ সংখ্যক সদস্যই অভিনয় কৰাৰ লগতে চৰিত্ৰ খাতিৰত আন কেইবা গৰাকী শিল্পীয়ে অভিনয় কৰে। দুটাকৈ নিশা নগাঁও জিলা পুথিভঁৰালত মঞ্চস্হ হোৱা উক্ত নাটকে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে একালৰ দুই সহপাঠী তপন বৰুৱা আৰু জ্যোতিৰ্ময় গোস্বামীৰ স্মৃতিত আমি ৭৯’ৰ অন্যতম সদস্য জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘স্মৃতিকথা’ শীৰ্ষক স্মৃতি গ্ৰন্হখন ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়া আয়োজিত স্মৃণিচাৰণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী, সাহিত্যিক ড: পদ্মপানী মহন্তই। উক্ত স্মৃতি চাৰণ অনুষ্ঠানত প্ৰয়াত তপন বৰুৱাৰ সহধৰ্মিণী ইলু বৰুৱা আৰু প্ৰয়াত জ্যোতিৰ্ময় গোস্বামীৰ সহধৰ্মিণী গায়ত্ৰী গোস্বামীয়ে নিজ নিজ স্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে ।

Tags: DramaNagaonনাটক
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx