![]()
দিল্লী আৰু মুম্বাইৰ (Delhi and Mumbai) ‘ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেচন’ৰ (British Broadcasting Corporation) (বিবিচি) কাৰ্যালয়ত আয়কৰ অভিযান (Income tax raids)। সূত্ৰ অনুসৰি, আয়কৰ বিষয়াসকলে সেই সময়ত কাৰ্যালয়ত উপস্থিত থকা সাংবাদিকসকলৰ মোবাইল জব্দ কৰে। ইয়াৰ পিছতে আৰম্ভ হয় অনুসন্ধান। কিন্তু আয়কৰ বিষয়াসকলে কিয় হঠাতে বিবিচিৰ কাৰ্যালয়ত অভিযান চলাইছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য, কিছু সপ্তাহ পূৰ্বে বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ ‘ইণ্ডিয়া দা মোদী কোৱেশ্চন’ দুটা ভাগত মুক্তি পাইছিল। ২০০২ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যখনত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ ওপৰত গৱেষণা কৰি ব্ৰিটেইনে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল।
যিখন ভাৰতত নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই এই তথ্যচিত্ৰখন সকলো ছচিয়েল মিডিয়াৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিয়ে। টুইটাৰ, ইউটিউবকো এই সম্পৰ্কীয় সকলো টুইট আৰু ভিডিঅ’ ডিলিট কৰিবলৈ কোৱা হৈছিল। ভাৰতত এক প্ৰকাৰ হুলস্থুলৰ সৃষ্টি হৈছিল। চৰকাৰী নিৰ্দেশক আওকাণ কৰি বিৰোধীয়ে বিভিন্ন স্থানত তথ্যচিত্ৰখন প্ৰদৰ্শনৰ আয়োজন কৰে।
বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলে তথ্যচিত্ৰখন প্ৰদৰ্শন। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ্তৃপক্ষৰ সৈতে বিবাদৰো সৃষ্টি হয়। এনে পৰিস্থিতিত মঙলবাৰে জানিব পৰা গৈছে যে আয়কৰ বিভাগে সেই তথ্যচিত্ৰ নিৰ্মাতাৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত অভিযান চলাইছে।
বিৰোধীয়ে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে মোদী চৰকাৰে কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি সামগ্ৰিক বিৰোধীক ঢাকি ৰাখিবলৈ চেষ্টা কৰিছে। মোদীৰ ওপৰত এখন তথ্যচিত্ৰক লৈ সৃষ্টি হোৱা হুলস্থুলৰ মাজতে বিবিচিৰ কাৰ্যালয়ত আয়কৰ অভিযানে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। এই সন্দৰ্ভত বিৰোধী কংগ্ৰেছেও টুইট কৰে।










