ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

British council I সাহিত্যক আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ প্ৰয়াস বৃটিছ কাউন্সিলৰ : গুৱাহাটীত A Fistful of Moonlight উন্মোচন

জিতেন বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2023
Reading Time: 1 min read
A A
0
British council I সাহিত্যক আন্তৰ্জাতিক বজাৰলৈ নিয়াৰ প্ৰয়াস বৃটিছ কাউন্সিলৰ : গুৱাহাটীত A Fistful of Moonlight উন্মোচন

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নগাঁও : ‘‘A Fistful of Moonlight’‘ নামৰ গ্ৰন্থখনৰ জৰিয়তে অসমীয়া সাহিত্যৰ শেহতীয়া কেতবোৰ সৃষ্টিৰাজি বিশ্বৰ পাঠক সমাজৰ হাতত তুলি দিয়াৰ এক প্ৰয়াসে বাস্তৱ ৰূপ পালে। বৃটিছ কাউন্সিলৰ আনটল্ডৰ সহযোগত সৰ্ব ভাৰতীয় প্ৰকাশন প্ৰতিষ্ঠান বী বুকছৰ উদ্যোগত অসমীয়া গল্পৰ ইংৰাজী অনুবাদৰ এক সংকলন ১৪ ফেব্ৰুৱাৰীৰ বিয়লি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ মাণিক চন্দ্ৰ বৰুৱা প্ৰেক্ষাগৃহত মুকলি কৰা হয়।

Book Release
Book Release of A Fistful of Moonlight:

এই সন্দৰ্ভত বৃটিছ কাউন্সিলৰ আনটল্ডৰ বিষয়া লুচি হান্নানে কয় যে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সৃষ্টিৰাজি ইংৰাজী ভাষাৰ জৰিয়তে বিশ্বৰ সকলো শ্ৰেণী পাঠকৰ বোধগম্য হোৱাকৈ আগবঢ়াই দিয়াই এই প্ৰকল্পৰ মূল উদ্দেশ্য। আনহাতে আফগানিস্তানৰ সাহিত্যৰ ক্ষেত্ৰখনত চলোৱা এনে প্ৰয়াসৰ সফলতাৰ অন্তত এইবাৰ অসমীয়া সাহিত্যক লৈ এই প্ৰয়াস চলোৱা বুলি বিষয়া গৰাকীয়ে উল্লেখ কৰে।

এই প্ৰকল্পই সৰ্বজনৰ দ্বাৰা সমাদৃত হোৱাৰ লগতে ই অসমীয়া সাহিত্যৰ লেখক তথা অনুবাদক সকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। বী বুকছ প্ৰকাশন গোষ্ঠীৰ হৈ ৰোহন সেনে এই প্ৰকল্পৰ আঁৰত এটা বছৰৰ কঠোৰ পৰিশ্ৰম নিহিত হৈ থকা বুলি উল্লেখ কৰে। বিভিন্ন জনৰ পৰামৰ্শৰ অন্তত বাচি উলিওৱা এই গল্প সমূহ উপযুক্ত অৰ্হতা সম্পন্ন লোকৰ দ্বাৰা সম্পাদনা কৰাৰ লগতে সঠিক ভাৱে অনুবাদ কৰি সাজু কৰি তোলা আদি প্ৰক্ৰিয়াত লেখক তথা অনুবাদক সকল নি:সন্দেহে উপকৃত হৈছে ।

অসমীয়া সাহিত্যৰ বাবে অভিনৱ এই প্ৰকল্পৰ সৈতে নিবিড়ভাৱে জড়িত জনপ্ৰিয় লেখক তথা সমালোচক মিত্ৰা ফুকনে অসমীয়া সাহিত্যত সম্পাদনাৰ বিষয়টোত এই প্ৰকল্পই বিশেষ ভাৱে সহায় কৰিব বুলি মন্তব্য আগবঢ়ায় ।

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক প্ৰয়াত মামনি ৰয়ছম গোস্বামীৰ পৰা আৰম্ভ কৰি হৰেকৃষ্ণ ডেকা, পূৰবী বৰমুদৈ, ইমৰান হুছেইনৰ দৰে চিনাকি গল্পকাৰৰ উপৰিও জুৰি বৰুৱা, মনস্বীনি মহন্ত, বিকাশ দিহিঙিয়া মাধুৰীমা বৰুৱা, জিণ্টু গীতাৰ্থ, নীলোৎপল বৰুৱা, দেৱাশীষ বুঢ়াগোহাঁই, আশামনি নেওগ, বিনু দাস, আৰু নীৰুজা বৰা আদি লেখকৰ গল্পৰ ইংৰাজী অনুবাদ ‘A Fistful of Moonlight’ গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।

অসমীয়া ভাষাত লেখা এই গল্প সমূহ ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ক্ৰমে মিত্ৰা ফুকন, হৰ্ষিতা হিয়া, ছৈয়দা ছাহীন জিন্না, ৰশ্মী বৰুৱা আৰু গায়ত্ৰী ভট্টাচাৰ্যই।গ্ৰন্থ মুকলি অনুষ্ঠানৰ পাচত লেখক আৰু অনুবাদক সকলৰ অভিজ্ঞতা আদিক লৈ মত বিনিময় কৰা হয়।
দেশৰ প্ৰখ্যাত অনুবাদক অৰুণাভ সিনহা, মিত্ৰা ফুকন আৰু লুচি হান্নানে সম্পাদনা কৰা A Fistful of Moonlight আন্তৰ্জাতিক বজাৰত মুকলি কৰা হ’ব বুলি বৃটিছ কাউন্সিলৰ আনটল্ডৰ বিষয়া লুচি হান্নানে ঘোষণা কৰে ।

Tags: সাহিত্য
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx