![]()
হাইস্কুল শিক্ষান্ত পৰীক্ষা (High School Entrance Examination)ৰ প্ৰশ্ন কাকত ফাদিলৰ (Question Paper Leak) ঘটনাই সমগ্ৰ ৰাজ্যতে এক হাঁহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। চিআইডি (CID)য়ে তদন্ত কৰি থকা এই বিষয়টো সন্দৰ্ভত শেহতীয়াকৈ ডিব্ৰুগড়ৰৰ ছল্টব্ৰুক একাডেমীৰ (Saltbrook Academy, Dibrugarh) ৫ জন ছাত্ৰৰ লগতে মুঠ ৮ জন ছাত্ৰ জালত পৰিছে।

সমান্তৰালকৈ, ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী অধ্যক্ষ ৰঞ্জিত বৰুৱা, সঞ্চালক অশ্বিনী দুৱৰা আৰু ছল্টব্ৰুক স্কুলৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈ, শান্তনু চমুৱাক ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাই নিজ কাৰ্যালয়লৈ গৈ সোধাপোছাৰ কৰাৰ লগতে তেওঁলোকৰ মোবাইলৰ ৱাটছ এপৰ লগতে অন্যান্য মেচেজ পৰীক্ষা কৰে।
আনহাতে, ডিব্ৰুগড়ৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰ তথা শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু বিষয়াসকলকো থানালৈ মাতি সোধ-পোছ কৰে আৰক্ষীয়ে। যোৱা নিশা হোষ্টেলৰ পতা আটকাধানী ছাত্ৰসকলৰ পৰা শ্বেতাংগ মিশ্ৰাই বহুখিনি তথ্য লাভ কৰা বুলি তেখেতে এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে, “এতিয়ালৈ ঘটনাৰ লগত জড়িত ছাত্ৰসহ মুঠ ৮ গৰাকী লোকক সোধ-পোচৰ বাবে আটক কৰা হৈছে।
তেওঁলোকে প্ৰশ্ন কাকত দিয়াৰ বিনিময়ত মেট্ৰিক পৰিক্ষাৰ্থী পৰা ৫০০ টকাৰ পৰা ২০০০ টকা জি পে বা ফোন পেৰ দৰে ডিজিটেল পেইমেন্ট ব্যৱস্থাৰে টকা সংগ্ৰহ কৰিছিল আৰু কিছুমানক, যিবিলাক ঘৰৰ বা পৰিয়ালৰ আছিল, সেইসকল ধন নোলোৱাকৈয়ে প্ৰশ্ন কাকত ৱাটছ এপত দিছিল।”
উল্লেখ্য যে, ডিব্ৰুগড়ত আটক কৰা মুঠ ৮ জনৰ ৫ গৰাকী ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। ইতিমধ্যেই জুভাইনিয়েল চায়েল্ড এক্টৰ অধীনত আটক কৰি চি আই ডিক গটাই দিছে বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কয়। জিলাখনত এই ঘটনাৰ লগত জৰিত সকলোকে তদন্তৰ আওঁতালৈ অনা হব আৰু তদন্ত অব্যাহত থাকিব বুলি তেখেতে সদৰী কৰে।
এনে পৰিপ্ৰেক্ষিতত, জিলাখনৰ আৰু বহু সংখ্যক লোকক অতিশীঘ্ৰে জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জিলা আৰক্ষী অধীক্ষকে গৰাকীয়ে কয়। আনহাতে, তলব কৰাৰ পিছতেই ছল্ট ব্ৰুক একাডেমিৰ সঞ্চালক অশ্বিনী দুৱৰাই প্ৰশ্ন কাকত ফাদিলৰ লগত যিসকল জড়িত তেওঁলোকক শাস্তি বিহিব লাগে বুলি মন্তব্য কৰে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ লগত একাদশ বা দ্বাদশ শ্ৰেণীৰ কি সৰ্ম্পক থাকিব পাৰে বুলি প্ৰশ্ন কৰি তেখেতে জড়িত দোষী ছাত্ৰকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
মন কৰিবলগীয়া যে, আটকাধীন একাদশ শ্ৰেণীৰ ছাত্ৰ কেইজনক অহা ১৬ মাৰ্চৰ পৰা হ’বলগীয়া পৰীক্ষাৰ বাবে ৰেহাই দিবলৈ আৰক্ষী প্ৰশাসনক তেখেতে অনুৰোধ জনায়। ইফালে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়ৰ লগত ডিব্ৰুগড়ত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা ছাত্ৰৰ তালিকাত ছল্ট ব্ৰুক একাডেমীৰ ৫ জনকৈ ছাত্ৰক চিআইডিয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। লগতে ছল্টব্ৰুক স্কুলৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈসহ আন এজনকো সদৰ থানাত সোধপোছ কৰাৰ অন্তত যাবলৈ দিয়ে।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছল্টব্ৰুক একাডেমীয়ে জৰুৰীভাৱে আজি এক সংবাদ মেল জৰিয়তে অধ্যক্ষ ৰঞ্জিত বৰুৱাইও প্ৰশ্ন কাকত ভাইৰেল কৰাত জড়িত ছাত্ৰসকলক উপযুক্ত শাস্তি বিহিবলৈ কয়। লগতে আৰক্ষীয়ে উচিত তদন্ত কৰি কেনেদৰে ছাত্র কেইজনৰ মোবাইলত উক্ত প্ৰশ্ন কাকত আহিল? উৎস কি হয়? মূল উৎস কি? এই প্ৰক্ৰিয়াৰ লগত কোন কোন জৰিত আছে, সকলো বিলাক বিষয়ত আৰক্ষীক উচিত তদন্ত কৰিবলৈ আহ্বান জনায় একাডেমিৰ অধ্যক্ষ ৰঞ্জিত বৰুৱাই। আৰক্ষীয়ে বিচৰা ধৰণে সকলো প্ৰকাৰৰ সহায়-সহযোগ কৰাৰ বিষয়ে অৱগত কৰি আৰক্ষীয়ে আটক কৰা ছাত্র কেইজন উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হোৱাৰ লগতে একাডেমীৰ দুটাকৈ ছাত্ৰ ৱাসৰ আৱাসী আছিল বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে একাডেমীৰ অধ্যক্ষই।













