![]()
ব্রিটিছ ব্রডকাষ্টিং কর্প’ৰেচন’ৰ (British Broadcasting Corporation) (বিবিচি) বিৰুদ্ধে বিদেশী মুদ্রা লেনদেন আইন (Foreign Exchange Transactions Act) উলঙ্ঘনৰ অভিযোগত গোচৰ ৰুজু কৰিছে ইডি (Director Enfocement)য়ে। দুসপ্তাহ পূৰ্বে ইডিয়ে এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ইংলেণ্ডৰ সংবাদ মাধ্যমটিৰ ভাৰতীয় শাখাৰ অন্যতম এক ডিৰেক্টৰসহ ছয় কর্মচাৰীক ইডিয়ে সোধা-পোছাও কৰিছে।

মুখ্যমন্ত্রী হৈ থকা অৱস্থাত গুজৰাটৰ হিংসাত নৰেন্দ্র মোদীৰ ভূমিকা সন্দৰ্ভত যোৱা ১৭ জানুৱাৰীত দুটা খণ্ডত এখন তথ্যচিত্র, ‘ইণ্ডিয়া : দ্য মোদী কোৱেশ্চন’ সম্প্রচাৰ কৰিছিল বিবিচিয়ে। তাত আপত্তি জনাই বিগত ২০ জানুৱাৰীত তথ্যচিত্রখনৰ প্রথম খণ্ডটি দেশত নিষিদ্ধ কৰে মোদী চৰকাৰে।
বিদেশ মন্ত্ৰালয়ে বিবৃতিত দাবী কৰে, মোদীৰ চৰিত্র হনন কৰিবলৈয়েই উদ্দেশ্যপ্রণোদিতভাবে এই তথ্যচিত্রখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ পিছত ফেব্রুৱাৰী মাহত বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত মাৰাথন অভিযান চলায় আয়কৰ বিভাগে। আয়কৰ সংক্ৰান্তীয় বিভিন্ন অনিয়মৰ সন্ধান পোৱা বুলি কোৱা হয়।










