![]()
অর্থনৈতিক সঙ্কটে জুৰুলা কৰি আছে দেশখন। তেনে অৱস্থাতেই এটি ব্যক্তিগত চীনা কোম্পানীক (Chinese company) দেশৰ বিলুপ্তপ্রায় (Extinct monkeys) ১ লাখ বান্দৰ গতাবলৈ আগবাঢ়িছে শ্রীলঙ্কা (Sri Lanka) । দেশখনৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ ইতিমধ্যে প্রশ্ন তুলিবলৈ আৰম্ভ কৰিছে পৰিবেশবিদসকলৰ এটা অংশই। তেওঁলোকে এই পশু ৰপ্তানি চুক্তি বাতিল কৰাৰ দাবী তুলিছে।
শ্রীলঙ্কাৰ বিত্ত মন্ত্ৰালয়ৰ শীর্ষ বিষয়া গুণাদাসা সমৰসিংহেই জনাইছে, চীনৰ এটি ব্যক্তিগত কোম্পানীৰ অনুৰোধ ৰক্ষা কৰাৰ বাবেই ধাপে ধাপে মুঠ ১ লাখ বান্দৰ ৰপ্তানি কৰাৰ সিদ্ধান্ত লৈছে দেশখনৰ ৰনিল বিক্রমসিংহেৰ চৰকাৰে। প্ৰাণীবিদসকলৰ পৰা জানিব পৰা মতে, যিবোৰ বান্দৰ ৰপ্তানিৰ কথা কোৱা হৈছে, সেইবোৰ সাধাৰণ প্রজাতিৰ বান্দৰ নহয়।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘টক মেকাও মাঙ্কি’। চুটি নেজবিশিষ্ট এই বান্দৰবোৰ মূলত শ্রীলঙ্কাতেই পোৱা যায়। কিন্তু পৰিসংখ্যা মতে, দ্রুতভাৱে কমি আহিছে ইহঁতৰ সংখ্যা। বিলুপ্তপ্রায় প্রাণীৰ তালিকাতো স্থান লাভ কৰিছে এই বিশেষ প্রজাতিৰ বান্দৰে।
শ্রীলঙ্কাই কৈছে, এই প্রজাতিৰ বান্দৰবোৰে খেতিৰ ফচল খাই নষ্ট কৰে। সেয়ে সংৰক্ষিত কোনো স্থানৰ পৰা নহয়, লোকালয়ত থকা এই ধৰণৰ বন্দৰবোৰকেই চীনলৈ ৰপ্তানি কৰা হ’ব বুলি জনাইছে দ্বীপৰাষ্ট্রখনৰ কর্তৃপক্ষই।












