![]()
কেৰালাত (Kerala) পৰ্যটক কঢ়িয়াই নিয়া হাউচবোট ডুব যোৱাৰ (Tourist Boat Tragedy) ফলত কমেও ২২ জন লোকৰ মৃত্যু হয়। মৃতকৰ ভিতৰত অধিকাংশই শিশু। দেওবাৰে সন্ধিয়া কেৰালাৰ মালাপ্পুৰম (Malappuram) জিলাত সংঘটিত হয় এই ঘটনা। এই খবৰ সংবাদ সংস্থা এএনআয়ে প্ৰকাশ কৰিছে। বহুতেই হাউচবোটৰ তলত আবদ্ধ হৈ আছে। উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে।














