
যেতিয়া দেশৰ একাংশ অঞ্চল বৰষুণে বুৰাই পেলায়, কিছু অংশ আকৌ খৰাঙত জুৰুলা হয়। ইয়াৰ বাবেই কৃষি ক্ষতিগ্ৰস্ত হয়। কৃষি মন্ত্ৰালয়ে কয় যে চলিত বৰ্ষৰ বাকী দিনকেইটাত খেতি সুচাৰুৰূপে চলিব নোৱাৰিব। শস্য উৎপাদনত হয়তো ক্ষতিগ্ৰস্ত হ’ব পাৰে। ইয়াৰ কাৰণ হিচাপে আহিছে এল নিনো। ইয়াৰ বাবে যিবোৰ অঞ্চলত কৃষি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, সেইবোৰ অঞ্চলত উৎপাদনত আটাইতকৈ বেছি ক্ষতি হ’ব। এই কথা কৈছে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ সচিব আতিশ চন্দ্ৰই।
মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ ৩৫৮ টা তহচিলৰ ভিতৰত ২৬৫ টা তহচিল খৰাংপীড়িত বুলি ঘোষণা কৰিছে। অৰ্থাৎ ৰাজ্যৰ প্ৰায় তিনি চতুৰ্থাংশ তহচিল খৰাংপীড়িত। বৰষুণৰ এই অভাৱৰ বাবে কৃষি নষ্ট হৈছে। আনহাতে, উত্তৰ প্ৰদেশত আকৌ অবিৰত বৰষুণৰ ফলত তিনিদিনত ৫৭ জন লোকৰ মৃত্যু হৈছে। ঘৰ ভাঙি গৈছে। সমগ্ৰ দেশৰ কোনো ঠাইত অত্যধিক বৰষুণ আৰু আন কোনো ঠাইত অভাৱনীয় বৰষুণৰ ফলত খাৰিফ শস্য খেতিৰ ক্ষতিসাধন হৈছে। কৃষকসকলে অক্টোবৰৰ পৰা ঘেঁহু, সৰিয়হৰ দৰে ৰবি শস্য ৰোপণ কৰিব। তাৰ মাজতো বিপদাশংকা আছে। কৃষি মন্ত্ৰালয়ৰ সচিবৰ মতে, কৃষকসকলে কেৱল শস্য ৰোপণতে নহয়, ইয়াক বচাবলৈও সমস্যাৰ সন্মুখীন হ’ব।

দেশত ৰবি বতৰৰ বাবে কিদৰে প্ৰস্তুতি চলাইছে সেই সন্দৰ্ভত এখন সন্মিলন অনুষ্ঠিত হৈছে। আতিশ চন্দ্ৰই তাতেই এই প্ৰত্যাহ্বানৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে কিছুমান ৰাজ্যত অত্যধিক বৰষুণৰ বাবে ৰবি বতৰতো মাটি তিতি থাকিব। য’ত খৰাং পৰিস্থিতি হৈছে তাত পুনৰ শস্য ৰোপণ কৰাত অসুবিধা হ’ব৷ কথাটো হ’ল, ৰবি খেতিৰ বাবে যি ধৰণৰ মাটি বা বতৰৰ প্ৰয়োজন, সেই ধৰণৰ মাটি বা বতৰ বহু ৰাজ্যত উপলব্ধ নহ’ব। তেওঁৰ মতে, “আগন্তুক কৃষি বতৰত বহু ঠাইত উৎপাদনত আঘাত হানিব। বৰষুণেৰে চলা অঞ্চলত ৰবি বতৰতো কৃষক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব।” সেই অনুসৰি কৃষি মন্ত্ৰালয়ৰ সচিবে এই কৌশল সলনি কৰিব লাগিব বুলি অৱগত কৰে।
কৃষি মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে লগতে কয় যে জলবায়ু পৰিৱৰ্তনক এতিয়া অস্বীকাৰ কৰিব নোৱাৰি। আগতে এই পৰিৱৰ্তনৰ ফল আৰু কেইবছৰমানৰ পিছত অনুভৱ কৰা হ’ব বুলি ভবা হৈছিল। কিন্তু ইয়াৰ ফল ইতিমধ্যে ভুগিবলগা হৈছে যেন লাগে। তেওঁ কয় যে আমাৰ দেশত এতিয়া শস্য আমদানি কৰিব নালাগে। অৱশ্যে এতিয়াও দালি আৰু তৈলবীজ আমদানি কৰিব লাগিব। এল নিনোৰ বাবে এই বছৰ এইবোৰৰ উৎপাদন আৰু অধিক বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে।
দেশৰ ৬৩৮ লাখ হেক্টৰ মাটিত ৰবিশস্যৰ খেতি কৰা হয়। ইয়াৰে ৩০০ লাখ হেক্টৰ মাটিত ঘেঁহুৰ খেতি কৰা হয়। ১৪০ লাখ হেক্টৰ মাটিত দালিৰ খেতি কৰা হয়। ৮৭ লাখ হেক্টৰ মাটিত তৈলবীজ উৎপাদন কৰা হয়।
এল নিনো কি?
প্ৰতি কেইবছৰমানৰ মূৰে মূৰে প্ৰশান্ত মহাসাগৰত এক অদ্ভুত পৰিঘটনা সংঘটিত হয়। সাধাৰণতে ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ ফালে উষ্ণ পানী ঠেলি দিয়া পূব-পশ্চিম বতাহ হঠাতে দুৰ্বল হৈ পৰে। ফলত উষ্ণ পানী পূব দিশলৈ ঘূৰি আহি দক্ষিণ আমেৰিকাৰ উপকূলৰ কাষেৰে বৈ যায়। এই সোঁতৰ প্ৰভাৱত মধ্য প্ৰশান্ত মহাসাগৰৰ এক বৃহৎ অংশ উষ্ণ হৈ পৰে। উষ্ণ সোঁত বৈ যাবলৈ আৰম্ভ কৰে। ইয়াক এল নিনো বোলা হয়। স্পেনিছ শব্দ ‘এল নিনো’ৰ অৰ্থ হৈছে ‘সৰু ল’ৰা’। শ শ বছৰৰ আগতে দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰশান্ত মহাসাগৰত এই অস্বাভাৱিক সোঁতটো লক্ষ্য কৰিছিল। সোঁতটোৰ নামো ৰাখে তেওঁলোকে।












