ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on Kejriwal bail plea : জামিন পালেও চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব, কেজৰিৱাল সন্দৰ্ভত উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
May 7, 2024
Reading Time: 1 min read
A A
0
SC on Kejriwal bail plea : জামিন পালেও চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব, কেজৰিৱাল সন্দৰ্ভত উচ্চতম ন্যায়ালয়

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

আবকাৰী গোচৰত জে’লবন্দী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ৰ আবেদন গোচৰত উচ্চতম ন্যায়ালয়ে (Supreme Court) ইডিক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। মঙলবাৰে শুনানিৰ সময়ত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে পৰ্যবেক্ষণত কয় যে আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে দাখিল কৰা গোচৰটো সাধাৰণ গোচৰ নহয়। একে সময়তে বিচাৰপীঠে ইডিক কয়, “আপোনালোকে কাৰোবাক জীৱনৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে।” শীৰ্ষ আদালতে লগতে কয় যে কেজৰিৱাল এজন মুখ্যমন্ত্ৰী।

কিন্তু যদি কেজৰিৱালৰ জামিন মঞ্জুৰ কৰা হয়, তথাপি তেওঁ কোনো চৰকাৰী ফাইলত চহী কৰিব নোৱাৰিব (Can’t sign government file)।
উল্লেখযোগ্য যে ২১ মাৰ্চত দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। তেতিয়াৰ পৰাই তেওঁ কাৰাগাৰত বন্দী হৈ আছে। কেজৰিৱালে প্ৰথমে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁৰ গ্ৰেপ্তাৰ ‘অবৈধ’ বুলি দাবী কৰিছিল। কিন্তু চলিত মাহৰ আৰম্ভণিতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাই এই আবেদন খাৰিজ কৰাৰ পিছতে আপৰ মুৰব্বীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

বিগত শুনানিত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছিল, “লোকসভা নিৰ্বাচনক লক্ষ্য কৰি কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিয়াৰ কথা বিবেচনা কৰা হ’ব পাৰে।” সেয়েহে আদালতে অন্তৱৰ্তীকালীন জামিনৰ কথা বিবেচনা কৰিব পাৰে। তেতিয়াৰে পৰাই কেজৰিৱালৰ জামিনক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে।

App1 | ASSAM TIMES POST

আনহাতে, মঙলবাৰে শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীৰ জামিনৰ বিষয়টো আহে। কেজৰিৱালৰ হৈ আদালতত হাজিৰ হয় অধিবক্তা অভিষেক মনু সিংভি। দিল্লীৰ মুখ্যমন্ত্ৰীৰ অন্তৱৰ্তীকালীন জামিন আবেদন (Chief Minister’s interim bail plea)ৰ শুনানি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ন্যায়াধীশ খান্নাৰ বিচাৰপীঠে কয় যে এইটো কেজৰিৱালৰ গণতান্ত্ৰিক অধিকাৰৰ ভিতৰত আছে। কাৰণ কেজৰিৱাল এজন জনপ্ৰতিনিধি। নিৰ্বাচনত জয়ী হৈছে। নিৰ্বাচনত তেওঁ প্ৰচাৰ চলোৱাৰ প্ৰয়োজন।

অৱশ্যে কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি ইডিয়ে আদালতত কয় যে অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হোৱা সকলোৰে সমান অধিকাৰ আছে। কেজৰিৱালক জামিন দিলে ভুল বাৰ্তা আহিব। তদন্তৰ উদ্দেশ্যে ছমাহত ৯ বাৰ তেওঁক চমন কৰা হৈছিল। কিন্তু তেওঁ এবাৰো হাজিৰ হোৱা নাছিল। উচ্চতম ন্যায়ালয়ে কয় যে দেশত সাধাৰণ নিৰ্বাচন চলি আছে, আমি কেতিয়াও ইয়াক আওকাণ কৰিব নোৱাৰো।

লগতে উচ্চতম ন্যায়ালয়ে কয়, “অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত কাৰোবাক নিৰ্যাতন কৰা হ’ব নেকি আমি পৰীক্ষা কৰোঁ।” আনহাতে, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে কয় যে কেজৰিৱালক জামিন দিলে মানুহে ভাবিব যে তেওঁ একোৱেই কৰা নাই বুলি ।
ন্যায়াধীশ খান্নাৰ বিচাৰপীঠে কয়, “যদি কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিয়া হয় তেন্তে আদালতে তেওঁক কোনো চৰকাৰী কামত জড়িত হোৱাটো নিবিচাৰে। অন্যথা বিতৰ্কৰ সৃষ্টি হ’ব পাৰে। আমি চৰকাৰী কামত হস্তক্ষেপ কৰিব নিবিচাৰো। নিৰ্বাচন নহ’লে এই জামিন বিষয়টো বিবেচনা কৰা নহ’লহেঁতেন।”

মঙলবাৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হয় ইডি। কিয় তদন্ত লেহেমীয়া হৈছে বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে। এই গোচৰৰ সাক্ষী আৰু অভিযুক্তক জেৰা কৰিবলৈ ইডিয়ে কিয় ইমান সময় লৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত ইডিৰ হৈ জনোৱা হৈছিল যে প্ৰাথমিক তদন্তৰ সময়ত এই গোচৰৰ সৈতে কেজৰিৱালৰ কোনো সম্পৰ্ক পোৱা নগ’ল। কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে দুৰ্নীতিৰ ঘটনা স্পষ্ট হৈ পৰে। ইয়াৰ উপৰি কেজৰিৱালৰ নাম এই গোচৰৰ আন অভিযুক্তৰ পৰাও উপলব্ধ।

Tags: Supreme CourtonKejrewalউচ্চতম ন্যায়ালয়কেজৰিৱাল
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx