
বিগত কিছুদিন ধৰি দিল্লীৰ কেইবাখনো বিদ্যালয়ত (Schools in Delhi) বোমাতংকৰ (Bomb Threat) সৃষ্টি হৈছে। এখন বা দুখন নহয়, ২৩খন বিদ্যালয়ত একেলগে বোমা বিস্ফোৰণৰ ভাবুকি (Bomb blast threat) দিয়া হৈছিল। ই-মেইলযোগে বিদ্যালয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিল এই ভাবুকি। এই ভাবুকি ক’ৰ পৰা দিয়া হৈছে, কোনে বা কিয় এই ভাবুকি দিছে, বিগত এসপ্তাহ ধৰি আৰক্ষীয়ে সেই তদন্ত কৰি আছিল। অৱশেষত তেওঁলোকে অভিযুক্তক বিচাৰি পালে। কিন্তু এই ভাবুকি যিয়ে প্ৰেৰণ কৰিছিল, তেওঁক দেখি তদন্তকাৰী বিষয়াসকল হতভম্ব হৈ পৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত এসপ্তাহ ধৰি ৰাজধানীত ইখনৰ পিছত সিখন বিদ্যালয়ে ভাবুকি লাভ কৰি আহিছে। স্বাভাৱিকতে বিদ্যালয়সমূত আতংক বিয়পি পৰে। বিগত কেইমাহমানৰ পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন বিদ্যালয়, হোটেল আনকি শ শ বিমানলৈও ভাবুকি প্ৰেৰণ কৰা হয়। সেই ঘটনাৰ পিছত ৰাজধানীত ইটোৰ পিছত সিটোকৈ বোমাতংকৰ ঘটনাত উত্তেজনা বৃদ্ধি পায়। আৰক্ষীৰ কেইবাটাও দলে অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে।
বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযুক্তক উদ্ধাৰ কৰে। তেওঁ আন কোনো নহয় দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ। আৰক্ষীয়ে তেওঁ গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত তদন্তকাৰীয়ে গম পায় যে তেওঁ ছবাৰ ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিল। প্ৰতিবাৰেই তেওঁ দুখন-তিনিখন স্কুল বাছি লৈ সেই স্কুলবোৰলৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছিল। তেওঁ প্ৰথমে নিজৰ স্কুলখনক তালিকাৰ পৰা বাদ দিছিল, যাতে তেওঁৰ ওপৰত কোনো সন্দেহ নাথাকে। এইদৰে তেওঁ ২৩খন বিদ্যালয়লৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছে। অৱশেষত তেওঁ নিজৰ স্কুললৈ ভাবুকি বাৰ্তা প্ৰেৰণ কৰে। কিন্তু তেওঁ কিয় এনে কৰি আছিল? জেৰাৰ সময়ত ছাত্ৰজনে তদন্তকাৰীক কয় যে তেওঁ এই কৌশল গ্ৰহণ কৰি বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰিব বিচাৰিছিল।











