ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mehul Choksi I  হাজাৰ কোটিৰ প্ৰৱঞ্চনাৰ নায়কক গ্ৰেপ্তাৰ, পিএনবিৰ পৰা প্ৰায় ১৪ হাজাৰ কোটি টকা কেনেকৈ হস্তগত কৰিছিল মামা-ভাগিনে?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 15, 2025
Reading Time: 1 min read
A A
0
Mehul Choksi I  হাজাৰ কোটিৰ প্ৰৱঞ্চনাৰ নায়কক গ্ৰেপ্তাৰ, পিএনবিৰ পৰা প্ৰায় ১৪ হাজাৰ কোটি টকা কেনেকৈ হস্তগত কৰিছিল মামা-ভাগিনে?

Oplus_131072

RELATED POSTS

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতৰ হীৰা ব্যৱসায়ী মেহুল চোক্সীক (Mehul Choksi) অৱশেষত পঞ্জাৱ নেচনেল বেংকত (পিএনবি) প্ৰতাৰণাৰ অভিযোগত গ্ৰেপ্তাৰ। ভাৰত চৰকাৰৰ অনুৰোধত বেলজিয়াম চৰকাৰে পলাতক ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে।

Mehul Choksi I 
হাজাৰ কোটিৰ প্ৰৱঞ্চনাৰ নায়কক গ্ৰেপ্তাৰ:

অভিযোগ অনুসৰি, মেহুলে ১৩ হাজাৰ ৮৫০ কোটি টকাৰ ঋণ জালিয়াতি কৰিছিল। তেওঁ অকল নহয়, এই কেলেংকাৰিত জড়িত আছিল আন এজন ব্যৱসায়ী নীৰৱ মোদী। তেওঁ হৈছে মেহুলৰ ভাগিন। বেলজিয়ামত গ্ৰেপ্তাৰ হোৱাৰ পিছত অতি সোনকালে মেহুলক ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হ’ব বুলিও খবৰ আহিছে।

২০২৩ চনৰ নৱেম্বৰৰ পৰা ‘গীতাঞ্জলি ৰত্ন’ৰ স্বত্বাধিকাৰী মেহুলে বেলজিয়ামৰ নাগৰিকত্ব লাভ কৰি তাতেই বসবাস কৰিবলৈ আৰম্ভ কৰে। পত্নী প্ৰীতিও বেলজিয়ামত আছিল। যোৱা ১২ এপ্ৰিলত চিকিৎসালয়ৰ পৰা মেহুলক আটক কৰা হয়। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মেহুলক গ্ৰেপ্তাৰ হোৱাৰ পিছত পুনৰ সজীৱ হৈছে পিএনবি কেলেংকাৰিৰ স্মৃতি। ব্যৱসায়ী দুজনে কেনেকৈ কৰিলে ইমান ডাঙৰ বিত্তীয় কেলেংকাৰি?

 কেলেংকাৰী কেনেকৈ পোহৰলৈ আহিল? ইয়াৰ পিছত সকলোৰে চকুত ধূলি মাৰি ভাৰতৰ পৰা কেনেকৈ পলাই গ’ল? সেই সকলোবোৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে।
২০১৮ চনত প্ৰথম পিএনবি কেলেংকাৰী পোহৰলৈ আহিছিল। মেহুল, নীৰৱৰ উপৰি উক্ত গোচৰত পিএনবিৰ একাংশ কৰ্মচাৰী আৰু মেনেজাৰৰ নামো উল্লেখ কৰা হৈছিল। যাৰ ফলত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছিল।

কেলেংকাৰীটো কেনেকুৱা আছিল?
অভিযোগ অনুসৰি, বেংকৰ একাংশ কৰ্মচাৰীৰ সহায়ত নীৰৱ আৰু তেওঁৰ মোমায়েক মেহুলে বেংকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিছিল। মুম্বাইত অৱস্থিত পিএনবিৰ ব্ৰেডী হাউছ শাখাত সংঘটিত হৈছে এই অপৰাধ।

তাৰ পৰাই বিভিন্ন বিদেশী কোম্পানীৰ নামত ভুৱা ‘Letter of Undertaking (LoU)’ জাৰি কৰি বিপুল পৰিমাণৰ ঋণ লোৱা হয়। বিদেশী বেংকৰ পৰা ঋণ লোৱাৰ বাবে ভাৰতীয় বেংকে এটা LoU জাৰি কৰিব লাগিছিল।
কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি নিৰ্দেশিকা জাৰি কৰাৰ পৰা ৯০ দিন দিয়া হয়।

সেই সময়ৰ ভিতৰত ঋণ পৰিশোধ কৰিব লাগিব। কিন্তু অভিযোগ অনুসৰি, আৰ বি আইৰ নীতি-নিয়ম পালন নকৰাকৈয়ে পিএনবিয়ে অনুমোদন জনোৱা এল অ’ ইউ জাৰি কৰা হৈছিল। তাত সময়ৰ কোনো উল্লেখ নাছিল। আনকি, তদন্তৰ পৰা হাত সাৰিবলৈ পিএনবিৰ কেন্দ্ৰীয় বেংকিং ব্যৱস্থাত তথ্য লিপিবদ্ধ কৰা হোৱা নাছিল।

ফলত ইয়াৰ বাবেই পিএনবিৰ লোকচান হৈছিল ৬৩৪৪ কোটি টকা। ইফালে উক্ত নথিৰ ভিত্তিত ভাৰতীয় ষ্টেট বেংক, এক্সিছ বেংক আদি বেংকেও ব্যৱসায়ী দুজনক ঋণ দিছিল। অভিযোগ অনুসৰি, পিএনবিৰ কেন্দ্ৰীয় ব্যৱস্থাত লেনদেন সম্পৰ্কীয় বিষয় উত্থাপন হোৱা নাছিল। ফলত বছৰ বছৰ ধৰি বেংক কৰ্তৃপক্ষই এই কেলেংকাৰীক লৈ অন্ধকাৰত আছিল।

পিএনবিৰ তথ্য অনুসৰি, ‘ডাইমণ্ড আৰ ইউ এছ’, ‘মিছ ছ’লাৰ এক্সপ’ৰ্টছ’ আৰু ‘মিছ ষ্টেলাৰ ডাইমণ্ডছ’ নামৰ তিনিটা কোম্পানীয়ে নিজৰ বিদেশী যোগানকাৰীক ধন দিবলৈ বেংকৰ কাষ চাপিছিল। ইয়াৰ পিছত বেংকে তেওঁলোকক কয় যে LoU জাৰি কৰিবলৈ ‘গেৰাণ্টী’ৰ প্ৰয়োজন। কিন্তু কোম্পানীসমূহে কয় যে তেওঁলোকে পূৰ্বেও পিএনবিৰ পৰা LoU লৈছিল আৰু কোনো ‘গেৰাণ্টী’ৰ প্ৰয়োজন নাই।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে সন্দেহজনক হৈ পৰে পিএনবি কৰ্তৃপক্ষ। পুৰণি সকলো নথি-পত্ৰ পৰীক্ষা দেখে যে সেই কোম্পানীবোৰক কোনো LoU দিয়া হোৱা নাই! ইয়াৰ পিছত পিএনবিয়ে বিষয়টো আৰবিআইক খবৰ দিয়ে। পিছত চিবিআয়ে আৰম্ভ কৰে তদন্ত। ২০১৮ চনৰ ১৮ মে’ত এই কেলেংকাৰিৰ মূল্য প্ৰায় ১৪ হাজাৰ কোটি টকা বুলি খবৰ ওলাইছিল।

তদন্তত পোহৰলৈ আহে এই কেলেংকাৰিৰ ইতিহাস। ২০১১ চনৰ পৰা আৰম্ভ হৈছিল পিএনবিত বিত্তীয় কেলেংকাৰী। সেই বছৰৰ ১০ মাৰ্চত নীৰৱে পিএনবিৰ পৰা প্ৰথমটো ভুৱা LoU লাভ কৰিছিল। পিছত ব্যৱসায়ীজনক আৰু ১২১২টা এনে LoU জাৰি কৰা হয়। সেই ভুৱা LoU সমূহৰ পৰা কোটি কোটি টকা চুৰি হোৱাৰ অভিযোগ। বিষয়টো পোহৰলৈ অহাৰ লগে লগে নীৰৱে ভাৰত এৰি গুচি যায়। ২০১৮ চনৰ মে’ মাহত চিবিআই আৰু ইডিয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

সেই বছৰৰ জুন মাহত নীৰৱে ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয়ৰ বাবে আবেদন কৰে। কিন্তু ২০১৯ চনৰ মাৰ্চ মাহত চেণ্ট্ৰেল লণ্ডনৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইফালে পিএনবি কেলেংকাৰি পোহৰলৈ অহাৰ পূৰ্বেই মেহুলে গোপনে দেশ এৰি গুচি যায়। চিকিৎসাজনিত কাৰণত তেওঁ ভাৰতৰ পৰা আমেৰিকালৈ যায়।

তাৰ পিছত তেওঁ উভতি নাহিল। মেহুল দীৰ্ঘদিন ধৰি কেৰিবিয়ান দ্বীপ এন্টিগুয়া আৰু বাৰবুডাত আছিল। তাতো তেওঁৰ নাগৰিকত্ব আছে। ২০২১ চনত এন্টিগুয়াৰ পৰা কিউবালৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ডমিনিকাত গ্ৰেপ্তাৰ কৰা হয়। আকৌ তেওঁক এন্টিগুয়ালৈ ঘূৰাই পঠিওৱা হয়। ইফালে মেহুলৰ কৰ্কট ৰোগ ধৰা পৰে। জানিব পৰা মতে মেহুলে চিকিৎসাৰ বাবে বেলজিয়ামলৈ গৈছিল।

পিএনবিৰ জালিয়াতিৰ গোচৰত এতিয়ালৈকে ইডিয়ে ২৩৬২ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি সংলগ্ন কৰিছে। কেৱল সেয়াই নহয়, ইতিমধ্যে ইডিয়ে থাইলেণ্ড, ডুবাই, জাপান, আমেৰিকাৰ দৰে দেশত মেহুলৰ মালিকানাধীন কেইবাটাও সম্পত্তি চিনাক্ত কৰিছে। জব্দ কৰাৰ প্ৰক্ৰিয়া চলি আছে। তেনে পৰিস্থিতিৰ মাজতে মেহুলক গ্ৰেপ্তাৰ কৰা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গ্ৰেপ্তাৰপিএনবিৰ পৰা প্ৰায় ১৪ হাজাৰ কোটি টকা কেনেকৈ হস্তগত কৰিছিল মামা-ভাগিনে?হাজাৰ কোটিৰ প্ৰৱঞ্চনাৰ নায়কক
Share5Tweet3Send

Related Posts

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

by News Desk
September 26, 2026
57
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
51
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
52
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
52
ADVERTISEMENT
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
52
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
57
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
59
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

September 26, 2026
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d