
এখন পথাৰত বন নিষ্কাশনৰ কাম চলি আছিল। সেই সময়ত চাফাই কৰ্মী এজনে কিবা এটাত উজুটি খালে। কিহৰ ওপৰত উজুটি খালে সেয়া দেখি থতমত খালে চাফাই কৰ্মীজনে। তেওঁ দেখিলে যে মাটিৰ তলৰ পৰা কাৰোবাৰ হাত এখন ওলাই আহিছে। এই দৃশ্য দেখি তেওঁ চিঞৰি চিঞৰি বাকীবোৰক মতে। চাফাই কৰ্মীজনৰ এই উজুটিয়ে অৱশেষত এক হত্যাকাণ্ডৰ উন্মোচন (Uncovering a murder) কৰিলে। বেংগালুৰুত (Bengaluru) সংঘটিত হৈছে এই ঘটনা।
এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। উদ্ধাৰ হৈছে মৃতদেহটো। কিন্তু মৃতদেহটো ইমানেই পচি গৈছিল যে চিনাক্ত কৰাৰ কোনো উপায় নাছিল। কেৱল সেয়াই নহয়, কুকুৰেও শৰীৰৰ কিছু অংশ ফালি পেলাইছিল। অৱশ্যে পিন্ধা কাপোৰবোৰ চাই বুজিব পৰা গ’ল যে মৃতদেহটো এগৰাকী মহিলাৰ। ওচৰৰ থানাত কোনো লোক নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল হৈছে নেকি তাৰ তদন্ত আৰম্ভ কৰা হয়। কিন্তু তেনে কোনো অভিযোগ পোৱা নগ’ল। এগৰাকী তদন্তকাৰী বিষয়াই জনোৱা মতে, মহিলাগৰাকীৰ কাপোৰত থকা টেগটোৰ পৰা এখন দোকানৰ স্থান চিনাক্ত হয়।
ঘটনাক্ৰমত মহিলাগৰাকীয়ে একেখন কাপোৰৰ দোকানতে কাম কৰিছিল। সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ নাম জানিব পাৰিলে। তেওঁৰ নাম অনুসূয়া বেহৰা (২৮)। তেওঁ বিবাহিত। স্বামীৰ নাম সাগৰ চন্দ্ৰ ৰাৱট। তেওঁ আচলতে বিহাৰৰ বাসিন্দা। কিন্তু কামৰ বাবে বেংগালুৰুত থাকে।

ৰাৱটে তাত হোটেল এখনত কাম কৰে। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে সাগৰ আৰু অনুসূয়াৰ প্ৰেমত পৰি বিয়া হৈছিল। ইয়াৰ পিছত তেওঁলোক বেংগালুৰুলৈ গুচি যায়। সাগৰে তাতে এখন হোটেলত কাম কৰিবলৈ ধৰিলে আৰু অনুসূয়াই কাপোৰৰ দোকান এখনত কাম পালে।
চুবুৰীয়াই জনোৱা মতে, দম্পতীহালৰ মাজত দৈনিক ধনক লৈ অশান্তিৰ সৃষ্টি হয়। ২ ছেপ্টেম্বৰৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ আছিল অনুসূয়া।তদন্তৰ সময়ত পোহৰলৈ আহে যে সেইদিনা সাগৰে অনুসূয়াক হত্যা কৰিছিল। ইয়াৰ পিছত তিনিদিন তেওঁৰ মৃতদেহ ঘৰতে ৰাখিলে। তিনিদিন পিছত সাগৰে মৃতদেহটো ঘৰৰ পৰা কিছু দূৰৈত খালী ঠাইত পুতি থয়। তদন্তৰ সময়ত আৰক্ষীয়ে গম পায় যে সাগৰে দিনটোত এবাৰ তালৈ গৈছিল আৰু কোনোবাই পত্নীৰ মৃতদেহ দেখিছে নে কি পৰীক্ষা কৰিছিল।
তেতিয়ালৈকে মৃতদেহটোও পচিবলৈ আৰম্ভ কৰিছিল। বৰষুণৰ বাবে মাটি জাহ যোৱাৰ লগতে শৰীৰৰ অংগবোৰ ওলাই আহে। যিহেতু তাত হাবিত আছিল, গতিকে কোনেও গুৰুত্ব দিয়া নাছিল। অৱশ্যে স্থানীয় একাংশ লোকে কেইবাদিনো ধৰি পচি যোৱা গোন্ধ পোৱা বুলিও দাবী কৰিছে। তেওঁলোকে ভাবিছিল যে কোনো জন্তুৰ মৃত্যু হৈছে। কিন্তু তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল যে তাতেই এজন ব্যক্তিৰ মৃতদেহ পুতি থোৱা হৈছে। শুকুৰবাৰে বনাঞ্চল চাফা কৰি থকা অৱস্থাত এজন চাফাই কৰ্মীয়ে তেওঁৰ ওলাই থকা হাতখনত উজুটি খাই পৰে। তাৰ পিছতে ৰহস্য উদ্ঘাটন হয়। পত্নীক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে সাগৰক গ্ৰেপ্তাৰ কৰিছে।













