![]()
সোমবাৰে উদ্বোধন কৰা হয় ২০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা অভিলাষী বটদ্ৰৱা প্ৰকল্প (Batadrava Project)। এই বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন (Happy inauguration) কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah)। আনহাতে, ৫ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত জনসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উদাত্ত ভাষণত বিদেশী নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে বিদেশী নাগৰিকক চিনাক্ত কৰি এটা এটাকৈ খেদি পঠিওৱা হ’ব। নিজৰ ভাষণত অমিত শ্বাহে কয় যে আজিৰ দিনটো নৱবৈষ্ণৱ ধৰ্মৰ বাবে এক ডাঙৰ দিন। এসময়ত বিদেশী নাগৰিক থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত আজি বিশাল প্ৰকল্প নিৰ্মাণ হৈছে। আনহাতে, শংকৰদেৱৰ জন্মস্থানত উপস্থিত থাকিব পৰাটো এক সৌভাগ্য বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ তিনিটা ভাগত সম্পূৰ্ণ কৰা হৈছে। নিজে আধাৰশিলা স্থাপন কৰা প্ৰকল্পটো তেওঁ উদ্বোধন কৰাটো এক সৌভাগ্য বুলিও উল্লেখ কৰে। লগতে কয় যে এই স্থান কেৱল এক নামঘৰ নহয়, ই হৈছে জাতিৰ পৰিচয়। আনহাতে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে এই পৱিত্ৰ ভূমিৰ পৰা বিদেশীক খেদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নামঘৰ প্ৰতিষ্ঠা কৰিলে।

আনহাতে, নিজৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি অসমীয়াৰ প্রাণ প্রতিষ্ঠাতা শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাবিশাল ঐতিহ্যক সংৰক্ষণৰ বাটেৰে প্রতিগৰাকী বৈষ্ণৱৰ সামূহিক ইচ্ছাই ইতিহাস ৰচনা কৰিলে।”
তেওঁ লগতে কয়, “মাননীয় কেন্দ্রীয় গৃহমন্ত্রী শ্রীঅমিত শ্বাহ ডাঙৰীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ উদ্বোধনৰ জৰিয়তে অসমৰ পৰমপূজ্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানৰ গৌৰৱক বিশ্বজনীন কৰাৰ আমাৰ প্রয়াসে নতুন প্রাণ পালে।”

লগতে কয়, “এই পৱিত্ৰ ভূমিতে নৱবৈষ্ণৱ ধৰ্মৰ নৱপ্রজ্জ্বলিত বন্তিগছিয়ে অসমৰ সামাজিক বিবেকক প্ৰতিষ্ঠা কৰিছিল। কিন্তু আমাৰ দুর্ভাগ্য আছিল যে এই পৱিত্র ভূমিক ‘অচিনাকি’ বেদখলকাৰীয়ে আগ্রাসন কৰি অসমৰ সামাজিক গাঁথনিলৈ প্রত্যাহ্বান কঢ়িয়াইছিল। আমি সংকল্প লৈছিলোঁ— আমাৰ পৰিচয়ক আমি পুনৰুদ্ধাৰ কৰিমেই কৰিম। এনেকৈয়ে কেইবছৰমান পূৰ্বে আৰম্ভ হৈছিল গুৰুজনাৰ আৱির্ভাৱ ক্ষেত্রক পুনৰুদ্ধাৰ কৰি ভব্য প্রকল্পটিৰ নির্মাণ যাত্রা।”
অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বড়া, কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, বটদ্ৰৱা থান পৰিচলান সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, “গুৰুজনাৰ আশিসেৰে আজি আমি পৰম ধন্য অনুভৱ কৰিছোঁ। এই উদ্বোধনে ইতিহাসৰ সৈতে গভীৰভাৱে সম্পৃক্ত বৈকুণ্ঠসদৃশ বটদ্রৱাখনিক বৰ্তমান আৰু ভৱিষ্যত প্রজন্মক অনুপ্ৰাণিত কৰি এক প্রাণৱন্ত আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক দীৰ্ঘদিনীয়া সপোনৰ প্রাপ্তিক চিহ্নিত কৰিছে।”













