ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ভূমি পূজন সম্পন্ন : নৱনিৰ্মিত পৰিদৰ্শন বঙলাৰ চৌহদত শ্বহীদ কমলা মিৰি স্মাৰক বেদীৰ উদ্বোধন

অজন্তা তালুকদাৰ: বোকাখাত :

News Desk by News Desk
January 24, 2026
Reading Time: 1 min read
A A
0
বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত ভূমি পূজন সম্পন্ন : নৱনিৰ্মিত পৰিদৰ্শন বঙলাৰ চৌহদত শ্বহীদ কমলা মিৰি স্মাৰক বেদীৰ উদ্বোধন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

বোকাখাতত “সংহত হস্ততাঁত উদ্যান,কাজিৰঙা”ৰ আজি ভূমি পূজন সম্পন্ন। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কাজিৰঙাত স্থাপন হ’বলগীয়া সংহত হস্ততাঁত উদ্যানৰ (Integrated Handloom Park) ভূমি পূজন অনুষ্ঠানটিত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা, হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত সম্পন্ন হয় ভূমি পূজন।

boka4 | ASSAM TIMES POST

উল্লখ্য যে ২০২৩ চনৰ ৭ আগষ্টত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস স্থাপন কৰিছিল এই উদ্যানৰ। এই আঁচনি ৰূপায়নকাৰী সংস্থা হ’ল হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়,অসম। প্রায় ২৫ বিঘা মাটিত ৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই হস্ততাঁত উদ্যান অসমত প্ৰথম বুলি উল্লেখ কৰে মন্ত্ৰী ব্ৰহ্মই। উল্লেখ্য যে এই প্ৰকল্পই বহু আধুনিক সুবিধা সামৰি লৈছে। বস্ত্ৰ সংগ্ৰহালয়, প্ৰদৰ্শনী স্থান, এৰী আৰু মুগা পলু পালন ইউনিট, হস্ততাঁতৰ স্থান আৰু শিপিনী তথা পৰ্যটকৰ বাবে জিৰণি কক্ষ, ২০ টা ষ্ট’ৰ, ডৰমিটৰী, হোটেল, সভাগৃহ, ৰেষ্টুৰেণ্ট আদি বিভিন্ন সুবিধাৰ লগতে বিক্ৰীৰ সুবিধা উপলব্ধ থাকিব। অসমৰ জাতীয় সম্পদৰ বিষয়ে ইয়াত বিদেশী পৰ্যটকক জনাব পাৰিব। লগতে জাতীয় সম্পদসমূহ ক্ৰয় কৰিব দেশী বিদেশী পৰ্যটকে। ইয়াত সমান্তৰালভাৱে চলি থাকিব প্ৰশিক্ষণ আৰু উৎপাদন। ইতিমধ্যে ইয়াত ১৬ লাখ শিপিনী পঞ্জীয়ন কৰা হৈছে।

bok | ASSAM TIMES POST
“স্বনিৰ্ভৰ নাৰী” আঁচনিৰ অধীনত সমগ্ৰ অসমৰ ৪ হাজাৰৰো অধিক শিপিনী হিতাধিকাৰীৰ বাবে তাঁতশালৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিখনে থলুৱা শিপিনীৰপৰা পৰম্পৰাগতভাৱে বোৱা সামগ্ৰীসমূহ প্ৰত্যক্ষভাৱে ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰিব। এই পদক্ষেপৰ অংশ হিচাপে আজিৰ কাৰ্যসূচীত বোকাখাত বিধানসভা সমষ্টিৰ ২২গৰাকী শিপিনীক আনুষ্ঠানিকভাৱে তাঁতশাল প্ৰদান কৰা হয়। শিপিনী সকলৰ পৰা ৮ লাখ গামোচা চৰকাৰে ক্ৰয় কৰিছে। মন্ত্ৰী অতুল বৰাই বোকাখাত দেশৰ এক আগশাৰীৰ পৰ্যটন ক্ষেত্ৰলৈ উন্নীত হ’ব বুলি ভাষণত উল্লেখ কৰে। লগতে জনায় যে ১০ হাজাৰ কোটি টকাৰ কৃষিজাত সামগ্ৰী বাহিৰলৈ ৰপ্তানি হ’ব। এনেধৰণৰ প্ৰকল্পই অসমৰ অৰ্থনীতিক অধিক শক্তিশালী কৰি অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী দৃষ্টিভংগীক এক নতুন গতি দিব বুলি আশাবাদী মন্ত্ৰী অতুল বৰা।

bok12 | ASSAM TIMES POST

বোকাখাতৰ কাজিৰঙা ভগৱানৰ অপূৰ্ব অৱদান বুলি উল্লেখ কৰি ভাষন সামৰা অনুষ্ঠানত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব হৰিপ্ৰসাদ বৰা, গোলাঘাটৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি; হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ সঞ্চালিকা ময়ূৰী ওজা, বোকাখাতৰ সমজিলা আয়ুক্তা শিৱানী জেৰ্নগল, গোলাঘাট জিলা পৰিষদৰ অধ্যক্ষা পূৰ্ণিমা দাস, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লয়িং, সমাজকৰ্মীদ্বয় অনিমেশ শইকীয়া আৰু জগত চন্দ্ৰ কলিতাৰ লগতে বিভাগীয় উচ্চপদস্থ বিষয়া, শিপিনী আৰু গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ অনুষ্ঠানটিত উপস্থিত থাকে।

boka5 | ASSAM TIMES POST

আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ পূৱ আঞ্চলিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাটৰ বৰুৱাগাঁও সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশনখনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই। আজিৰ দিনটোতে বোকাখাতত অসম কৃষক পৰিষদ, বোকাখাত বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত আয়োজিত অসম কৃষক পৰিষদৰ এখনি সভাতো অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কৃষক পৰিষদৰ কৰ্মকৰ্তাসকলৰ নিষ্ঠাপূৰ্ণ সেৱাৰ শলাগ লয় আৰু কৃষকসকলৰ মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ লগতে কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়। কৃষক পৰিষদৰ সভাত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ বৈশ্য, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰু গোলাঘাট জিলাৰ দলীয় কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ আৰু ভালে সংখ্যক কৃষক উপস্থিত থাকে।

boka3 | ASSAM TIMES POST

ইফালে আজিয়েই নৱনিৰ্মিত বোকাখাতৰ পৰিদৰ্শন বঙলাৰ চৌহদত স্থাপন কৰা শ্বহীদ কমলা মিৰি স্মাৰক বেদীৰ উদ্বোধন কৰি মন্ত্ৰী অতুল বৰাই দেশৰ স্বাধীনতা সংগ্ৰামত অতুলনীয় সাহস, ত্যাগৰ ইতিহাস ৰচা শ্বহীদ কমলা মিৰি সমন্বিতে অঞ্চলটোৰ অন্যান্য শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। লগতে শ্বহীদ সকলৰ মহান আদৰ্শক অনুসৰণ কৰি এখন ঐক্যবদ্ধ আৰু শান্তিপূৰ্ণ সমাজ গঢ়িবলৈ আহ্বান জনায়।

Tags: বোকাখাত
Share4Tweet3Send

Related Posts

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx