
ৰাজ্যৰ শেহতীয়া বান (Assam Flood) পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এক সংবাদমেল (Press Meet) সম্বোধন কৰে। বিশেষকৈ উজনি অসমৰ চাৰি জিলাৰ বান বিভীষিকাৰ শেহতীয়া পৰিস্থিতি আৰু এই ক্ষেত্ৰত চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ এক বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সংবাদমেলৰ সাৰাংশ তলত উল্লেখ কৰা হ’ল :
- এই পৰ্যন্ত ৰাজ্যত বানত মৃত্যু ১০১ জনৰ।
- বৰ্তমানো ৬৩ খন গাঁও বানৰ কৱলত।
- ১৫ টা সাহায্য শিবিৰত ৪,১৮৮ গৰাকী লোকৰ আশ্ৰয় গ্ৰহণ।
- বান প্ৰভাৱিত ৭৯৩ খন বিদ্যালয়ৰ বাবে ২ লাখকৈ ১৫.৮৪ কোটি টকা চৰকাৰে মোকলাই দিছে।
- মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰ পৰা ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক ইউনিফৰ্ম প্ৰদান।
- ১ হাজাৰ, ২ হাজাৰ আৰু ৫ হাজাৰ টকাকৈ এককালীন সাহায্য।
- ক্ষতিগ্ৰস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে ২-২.৫ লাখ টকাকৈ প্ৰদান।
- ২০ আগষ্টৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত নামঘৰসমূহক ১.৫ লাখকৈ প্ৰদান কৰা হ’ব।
- বানত বিধ্বস্ত চাৰি জিলাত ৪ লাখ পৰিয়ালক ২৫০০ টকাকৈ অৰুণোদয় প্ৰদান।
- ক্ষতিগ্ৰস্ত ৬৪,৮৯১টা পৰিয়ালক ১৫ হাজাৰকৈ প্ৰদান।
- আৰু ৩১,২১২টা পৰিয়ালে লাভ কৰিব ১৫ হাজাৰকৈ টকা।
- বানৰ ক্ষতি নিৰ্ধাৰণৰ বাবে ৰাজহ বিভাগৰ প’ৰ্টেল মুকলি।
- ৯ আগষ্টৰ পৰা চলি আছে বানৰ ক্ষয়-ক্ষতিৰ জৰী।
- ৯৬০ গৰাকী শিক্ষক জৰীপত নিয়োজিত হৈছে।
- ৮,৩২৫ টা পৰিয়ালৰ ক্ষয়-ক্ষতিৰ জৰীপ সম্পূৰ্ণ।
- ক্ষতিপূৰণৰ পৰিমাণ হ’ব প্ৰায় ১৫০ কোটি।
- ৩০ আগষ্টলৈকে চলিব জৰীপ প্ৰক্ৰিয়া।
- জৰীপৰ পিছত প্ৰকাশ পোৱা খচৰা তালিকাত ৰাইজৰ অভাৱ-অভিযোগ জনাব পাৰিব।
- ১ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ প্ৰথমখন তালিকাৰ ওপৰত পুনৰ জৰীপ
- দুবাৰকৈ এই জৰীপ পৰীক্ষাৰ পিছত ১৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে পুনৰীক্ষণ কৰিব।
- বানত ক্ষতিগ্ৰস্ত ৫০-৬০ হাজাৰ পৰিয়ালৰ ক্ষতিপূৰণৰ ধন এহাজাৰ কোটিৰো অধিক হোৱাৰ সম্ভাৱনা।
- প্ৰধানমন্ত্রীৰ সম্পূৰ্ণ সহায়ৰ আশ্বাস প্ৰদান।
- নেপালীখুঁটি, কমলবস্তি, মাজগাঁও আদি অঞ্চলত ক্ষতিগ্রস্তৰ বাবে ‘মডেল হাউছিং’ নিৰ্মাণৰ চিন্তা-চৰ্চা।
- গো-ধন প্ৰদানেৰে দুগ্ধ উৎপাদন কেন্দ্ৰ আৰম্ভ কৰাৰ চিন্তা।
- বানত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ ক্ষতিপূৰণ পূৰ্বৰ ৪ লাখৰ পৰা ৯ লাখলৈ বৃদ্ধি কৰা হৈছে।
- মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত ১০-২০ টকা সাহায্য আগবঢ়োৱা লোকৰ সংখ্যা ২৬,২৬৭ গৰাকী।
- মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত বৰ্তমান ১৪২ কোটি জমা।
- মুখ্যমন্ত্রীৰ সাহায্য পুঁজিৰে মডেল হাউছিং আঁচনি কাৰ্যকৰী কৰা হ’ব।
- অসমৰ বান বিভীষিকাৰ সংগৃহীত ফটো-ভিডিঅ’ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ।
- অসমৰ বান সমস্যাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমাধান বিচাৰিব চৰকাৰে।
- দেশৰ ৭২ গৰাকী ইউটিউবাৰে সংগ্ৰহ কৰা বান সাহায্যৰ পুঁজি ব্যৱহাৰত চৰকাৰে নজৰ ৰাখিব।
- শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত ১,৭০৩ জন ব্যক্তিয়ে এতিয়ালৈকে বীমা দাবীৰ আবেদন কৰিছে।
- দাবী কৰা মুঠ বীমাৰ পৰিমাণ ৯৯ কোটি।
- ২০টা বীমা কোম্পানীয়ে ইয়াৰ নিষ্পত্তিৰ বাবে প্ৰস্তুত হৈছে।
- বানবিধ্বস্ত জিলাকেইখনত বেংকৰ ঋণ আছে মুঠ ২,২৭,৯৯৩ গৰাকী লোকৰ।
- এতিয়ালৈকে ঋণ ৰেহাইৰ আবেদন আহিছে ৩১৯ খন।
- আবেদনৰ সময়সীমা ৩০ আগষ্টলৈকে আছে।













