
চাৰিদুৱাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত লাগি এটা বন্যহস্তীৰ কৰুণ মৃত্যু।

চাৰিদুৱাৰ চিকিৎসালয়ৰ সন্মুখত থকা এটা ট্ৰেন্সফৰ্মাৰত লাগি হাতীটোৰ মৃত্যু হয়। শুকুৰবাৰে পুৱতি নিশা এই শোকাৱহ ঘটনাটো সংঘটিত হয়। বালিপৰা বিদ্যুৎ বিভাগৰ ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত লাগি হাতীটোৰ মৃত্যু হয়।
এই ঘটনাৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো উদ্ধাৰ কৰে। বন বিভাগৰ লোকে জনোৱা মতে, মৃত হাতীটোৰ বয়স ১৮-২০ বছৰমান হ’ব। খাদ্যৰ সন্ধানত হাতীৰ জাক এটা চাৰিদুৱাৰ অঞ্চলত প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে। তাৰে মাজৰেই এটা হাতীৰ এনেদৰে কৰুণ মৃত্যু হয়।













