
পুনেৰ (Pune) যুৱ ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ (Murder of Ketan Agarwal) তদন্তত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য। মৃতকৰ পিতৃ বিশাল আগৰৱালাই দাবী কৰা মতে, কেতনে আগতে মূৰত উইগ পিন্ধিছিল। এই সামান্য কাৰণত হয়তো তেওঁক নৃশংসভাৱে হত্যা কৰা হৈছে। তেওঁ সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে মানুহৰ প্ৰাণ লোৱাৰ আঁৰত এনে কোনো কাৰণো যে থাকিব পাৰে সেয়া অকল্পনীয়। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে এই গোচৰৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ’ব বুলি আশ্বাস দিছে।
পুনেত মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ পাছত বিশাল আগৰৱালাই সাংবাদিকৰ আগত কয়, “আমি ইতিমধ্যে ছিয়া গোৱেলৰ পৰিয়ালক জনাইছিলোঁ যে কেতনে মূৰত সৰু চুলিৰ টুকুৰা ব্যৱহাৰ কৰে। কিন্তু এইটো কাৰোবাক হত্যা কৰাৰ কাৰণ হ’ব পাৰেনে?” তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত দোষীৰ মৃত্যুদণ্ডৰো দাবী জনাইছে। উল্লেখ্য যে ১৮ জুনত লোহগড় দুৰ্গত ট্ৰেকিং কৰি থকা অৱস্থাত কেতনৰ খাৱৈত পৰি মৃত্যু হয়। প্ৰথম অৱস্থাত ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰা হৈছিল।

পিছত আৰক্ষীৰ তদন্তত হত্যাৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পিছত হত্যাৰ গোচৰ ৰুজু হয়। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি, এই গোচৰৰ মূল অভিযুক্ত ছিয়া গোৱেলে কেতনক বিয়া কৰাবলৈ ইচ্ছুক নাছিল। কিন্তু তেওঁৰ পৰিয়ালে তেওঁক বিয়া পাতিবলৈ যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল। তদন্তকাৰীয়ে সন্দেহ কৰিছে যে পৰিয়ালৰ হেঁচাত ছিয়াই হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে। কিন্তু আৰক্ষীয়ে এতিয়াও কোনো চূড়ান্ত উদ্দেশ্য বা কাৰণ নিশ্চিত কৰা নাই। বিশাল আগৰৱালাই দাবী কৰে যে ছিয়াই নিজেই কেতনক ট্ৰেকিংঙলৈ যাবলৈ বাধ্য কৰাইছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছেও এই নৃশংস হত্যাকাণ্ডক ‘মৰ্মান্তিক’ আৰু ‘অকল্পনীয়’ বুলি অভিহিত কৰিছে। এই ঘটনা কেৱল অপৰাধ নহয় বুলিও তেওঁ কয়। সমাজৰ বাবেও ই এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
মুখ্যমন্ত্রী ফাড়নবিছে কয়, “শিক্ষিত আৰু সুখী পৰিয়ালৰ ল’ৰা-ছোৱালীৰ মাজত এনে হিংসাত্মক আৰু ধ্বংসাত্মক মানসিকতা কেনেদৰে গঢ় লৈ উঠিছে, সেয়াই আমাক গভীৰভাৱে চিন্তিত কৰি তুলিছে। এই ঘটনাক কেৱল অপৰাধ বুলি নাভাবি সামাজিক দৃষ্টিকোণৰ পৰা চাব লাগে। সমাজে ভাবিব লাগে যে আমি কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছোঁ, ইমান কম বয়সত শিশুৰ মাজত এনে নিষ্ঠুৰ আৰু প্ৰতিশোধমূলক চিন্তাধাৰাই ক’ত শিপাইছে।”











