
তিনি বছৰত (Three year) মেঘালয় চৰকাৰ (Meghalaya Govt.)ৰ জিম্মাৰ পৰা নোহোৱা হৈছে ১৩ লাখ ২ হাজাৰ মেট্ৰিক টন কয়লা (1.32 million metric tonnes of coal)। তদুপৰি ২০১৪ চনত নেচনেল গ্ৰীণ ট্ৰাইবুনেলে নিষিদ্ধ কৰা ‘ৰেট-হ’ল মাইন’ সমগ্ৰ ৰাজ্যজুৰি চলি আছে। মেঘালয় উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীয়ে বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন প্ৰতিবেদনত এই অভিযোগ উত্থাপন কৰে।
২০১৯ চনত মেঘালয় ৰাজ্য চৰকাৰে শপতনামাযোগে উচ্চতম ন্যায়ালয়ক জনাইছিল যে তেওঁলোকৰ হাতত ৩২ লাখ ৫৬ হাজাৰ ৭১৫ মেট্ৰিক টন খনন কয়লা আছে। কিন্তু পিছত জিলা প্ৰশাসনে স্থানীয় পৰিদৰ্শনৰ সময়ত মাত্ৰ ১৯ লাখ ৫৪ হাজাৰ ২৫৮ হাজাৰ মেট্ৰিক টন কয়লাহে উদ্ধাৰ কৰে। বাকী ১৩ লাখ ২ হাজাৰ ৪৫৬ মেট্ৰিক টন কয়লাৰ সন্ধান পোৱা হোৱা নাই। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত গঠিত কমিটীয়ে এই বিপুল পৰিমাণৰ কয়লা ক’লৈ গ’ল সেই কথা জানিবলৈ বিতং তদন্তৰ পৰামৰ্শ দিছে।

ইয়াৰ উপৰি নিৰ্দিষ্ট কয়লা ইণ্ডিয়া ডিপোৰ বাহিৰত ধৰা পৰা ৩৭,৪৪৯ মেট্ৰিক টন অবৈধভাৱে উলিওৱা কয়লাও নিৰুদ্দেশ হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কয়লা অন্তৰ্ধান সন্দৰ্ভত এফআইআৰ দাখিল কৰা বুলি দাবী কৰিছে চৰকাৰে। অৱশ্যে তদন্তৰ অগ্ৰগতি আৰু গোচৰৰ সবিশেষ এতিয়াও কমিটীৰ ওচৰত দাখিল কৰা হোৱা নাই। ৰাজ্য চৰকাৰে দাবী কৰিবলৈ চেষ্টা কৰিছিল যে ইয়াৰ মাজৰ বছৰবোৰত জোখ-মাখৰ পদ্ধতি বা কয়লাৰ নিলামৰ পাৰ্থক্যৰ বাবেই এই অমিল হ’ব পাৰে। কিন্তু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কটকীৰ নেতৃত্বত গঠিত তদন্ত সমিতিখনে চৰকাৰৰ অজুহাত সম্পূৰ্ণ ভিত্তিহীন বুলি বিবেচনা কৰে।
ইয়াৰ উপৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কটকীৰ নেতৃত্বত গঠিত সমিতিখনৰ ৪১ সংখ্যক অন্তৱৰ্তীকালীন প্ৰতিবেদনত জনসাধাৰণৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি কোৱা হৈছে যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ একাধিক নিৰ্দেশৰ পিছতো মেঘালয়ৰ এটাও পৰিত্যক্ত ৰেট-হ’ল খনি বন্ধ বা অৱৰোধ কৰা হোৱা নাই।
প্ৰতিবেদনত পূব জয়ন্তীয়া পাহাৰত নতুনকৈ অবৈধ খননৰ কথাও উল্লেখ কৰা হৈছে। কমিটীয়ে অভিযোগ কৰে যে পৰিৱেশ পুনৰুদ্ধাৰৰ কামো অতি লাহে লাহে আগবাঢ়িছে। কয়লা খনন আৰু নদী সজীৱকৰণৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পুনৰুদ্ধাৰৰ বাবে প্ৰায়বোৰ প্ৰকল্প এতিয়াও কাৰ্যকৰী হোৱা নাই। আবণ্টিত ধনৰ এক বৃহৎ অংশ ব্যৱহাৰ কৰা হোৱা নাই।













