
উচ্চতম ন্যায়ালয়ৰ (Supreme Court) নিৰ্দেশৰ বাবে দিল্লীৰ ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ পৰিছে যন্তৰ-মন্তৰ (Remove the Jantar Mantar from the list)। এই কথা মঙলবাৰে দাবী কৰে দিল্লী আৰক্ষীয়ে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা দিল্লী আৰক্ষীয়ে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ত দাবী কৰে যে ৯ অক্টোবৰৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি তিনিটা বিকল্প প্ৰতিবাদস্থলী মধ্য দিল্লীৰ ৰামলীলা ময়দান, উত্তৰ দিল্লীৰ বুৰাৰী খেলপথাৰ আৰু পূব দিল্লীৰ চিবিডি খেলপথাৰ চিনাক্ত কৰা হৈছে।
মঙলবাৰে শুনানিৰ সময়ত চৰকাৰৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল (এএছজি) চেতন শৰ্মাই ন্যায়াধীশ অমিত মহাজনৰ দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত যন্তৰ-মন্তৰক ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা আঁতৰোৱাৰ পক্ষত যুক্তি আগবঢ়ায়। যোৱা ১২ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত দিল্লী আৰক্ষীৰ সিদ্ধান্তৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত চেতনে কয়।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন কমিটীৰ পৰামৰ্শৰ ভিত্তিত একেটা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন দিল্লী আৰক্ষীয়ে নিৰ্দেশ জাৰি কৰিছে যে ককৰোচ জনতা পাৰ্টীক যন্তৰ-মন্তৰত জ্ঞানেশবিৰোধী প্ৰতিবাদ কৰিবলৈ দিয়া নহ’ব। যন্তৰ-মন্তৰৰ সলনি ৰাজধানীৰ তিনিটা স্থান চিনাক্ত কৰা হৈছে- ৰামলীলা ময়দান, বুৰাৰী খেলপথাৰ আৰু পূব দিল্লী চিবিডি। বৰ্তমান সেই তিনিটা স্থানত অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব। শান্তিপূৰ্ণ কাৰ্যসূচীৰ বাবে পুনৰ অনুমতি ল’বলৈ সোমবাৰে থানালৈ গৈছিল পঁইতাচোৰাৰ প্ৰতিনিধি। এই সন্দৰ্ভত উত্তেজনাৰ মাজতে পোহৰলৈ আহে এই নিৰ্দেশনা। ইয়াৰ পিছত ককৰোচৰ মুৰব্বী অভিজীত দীপকেয়ে কয় যে এইবাৰ সমগ্ৰ দেশেই যন্তৰ-মন্তৰ হ’ব।

প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰাৰ নিৰ্দেশনাত উল্লেখ কৰা তিনিটা নতুন স্থান হৈছে পুৰণি দিল্লীৰ ৰামলীলা ময়দান। পূব দিল্লীৰ চিবিডি খেলপথাৰ। উত্তৰ দিল্লীৰ বুৰাৰী ময়দান। এই তিনিখন খেলপথাৰ মধ্য দিল্লীৰ যন্তৰ-মন্তৰৰ পৰা ক্ৰমে ৩ কিলোমিটাৰ, ১৩.৫ কিলোমিটাৰ আৰু ৪৪ কিলোমিটাৰ দূৰত্বত।
চলিত বৰ্ষৰ ২৮ এপ্ৰিলত দিল্লী আৰক্ষীয়ে যন্তৰ-মন্তৰক প্ৰতিবাদস্থলী হিচাপে নিৰ্দিষ্ট কৰি গাইডলাইন জাৰি কৰিছিল। গাইডলাইন সলনি কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত কংগ্ৰেছ যুৱ শাখাই এক গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে নতুন তিনিটা ‘নিৰ্ধাৰিত প্ৰতিবাদস্থলী’ৰ ভিতৰত যন্তৰ-মন্তৰৰ আটাইতকৈ ওচৰৰ ১২ একৰ অঞ্চল ৰামলীলা ময়দানত সৰ্বাধিক ৫০ হাজাৰ লোকে সমবেত হ’ব পাৰে। এই খেলপথাৰৰ দৈনিক ভাড়া ৫০ হাজাৰ টকা। তাৰ লগতে আৰু ৫৫ হাজাৰ টকা ছিকিউৰিটি ডিপ’জিট (চিকিউৰিটি আৰু মেইণ্টেনেন্সৰ বাবে এডভান্স পেমেণ্ট) হিচাপে দিব লাগিব। এই ধন অৱশ্যে ঘূৰাই পোৱা যায়। ইয়াত কৰ অন্তৰ্ভুক্ত কৰা হৈছে। মুঠ খৰচ ১ লাখ ২১ হাজাৰ টকা। নিৰ্ধাৰিত ধনেৰে আৰু আৰক্ষীৰ অনুমতি লৈও এইবাৰ যে তাত প্ৰতিবাদ কৰিব পাৰিব সেয়া সম্ভৱ নহয়। কাৰণ ২০২৬ চনত মাত্ৰ তিনিদিনৰ বাবে খেলপথাৰখন খালী হৈ আছে। বাকী সকলো দিনৰ বাবে ইতিমধ্যে ‘বুকিং’ কৰা হৈ গৈছে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ৯ অক্টোবৰৰ নিৰ্দেশত মূলতঃ সংবিধানৰ ১৯ নং অনুচ্ছেদ অনুসৰি শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু একে সময়তে নাগৰিকৰ সুবিধাসমূহ নিশ্চিত কৰা হৈছিল। ১০ অক্টোবৰত পঁইতাচোৰাৰ দ্বাৰা প্ৰতিবাদ কাৰ্যসূচীৰ পূৰ্বে দিল্লীৰ মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে মধ্য দিল্লীৰ যন্তৰ-মন্তৰ অঞ্চলটো প্ৰতিবাদৰ বাবে অতি সংকীৰ্ণ। শান্তিপূৰ্ণ আৰু বৈধ প্ৰতিবাদকাৰীৰ বাবে মৌলিক আন্তঃগাঁথনি বা নাগৰিক সুবিধা যেনে শৌচাগাৰ, খোৱাপানী আৰু চিকিৎসাৰ সুবিধা থকাটো অতি প্ৰয়োজনীয়। সেয়েহে আদালতে “উপযুক্ত কৰ্তৃপক্ষ”ক (যেনে গৃহ মন্ত্ৰালয়, দিল্লী পৌৰসভা আৰু দিল্লী আৰক্ষী) এনে নাগৰিক সুবিধা থকা “বহল আৰু মুকলি বিকল্প স্থান” চিনাক্ত কৰি নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল।











