![]()
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত কালি নিশা এক অপহৰণৰ কাণ্ড সংঘটিত হয়। জানিব পৰা মতে, প্ৰায় ৯ বজাত সোণাৰি শিৱ মন্দিৰত অনুষ্ঠিত গণেশ চতুৰ্থীৰ সৈতে সংগতি ৰাখি একাংশ ভক্তপ্ৰাণ ৰাইজে উলিওৱা সমদলত এটা পাচ বছৰীয়া ল’ৰা ফকৰুদ্দিব আহমেদৰ পুত্ৰ ৰিয়ান আহমেদে পৰিয়ালবৰ্গৰ অজ্ঞাতে সমদলত যোগদান কৰে।
সেই সময়তে ড্ৰাগছ আসক্ত নেকিব আহমেদ নামে এজন যুৱকে শিশুটিক চিপচ, চকলেট আদিৰে ফুচুলাই অপহৰণ কৰে। ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালবৰ্গই বিচাৰ খোচাৰ আৰম্ভ কৰিও শিশুটিক নোপোৱাত সোণাৰি থানাত অৱগত কৰে। ইপিনে, অভিযুক্ত নেকিবে সোণাৰি নগৰ হিন্দী স্কুলৰ সমীপৰ এটা পৰিত্যক্ত গৃহত শিশুটিক লৈ আত্মগোপন কৰে।
নিশাই আৰক্ষীয়ে নগৰখনৰ কেইবাঠাইতো চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি শিশুটিৰ অনুসন্ধান অব্যাহত ৰখাৰ মাজতে গণেশ চতুৰ্থীৰ প্ৰতিমা সমদল কৰি অনা সোণাৰি শিৱ মন্দিৰৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰোঁতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ লগে লগে সোণাৰি থানাৰ এটা আৰক্ষীৰ দলে নেকিব আহমেদৰ ঘৰত উপস্থিত হয় যদিও নেকিবক ঘৰত নোপোৱাত আৰক্ষীয়ে শিশুটিৰ সন্ধানত নগৰখনৰ সম্ভাব্য বিভিন্ন স্থানত তন্নকৈ তন্নকৈ অনুসন্ধান কৰে৷ দীৰ্ঘসময় অনুসন্ধানৰ অন্তৰ্গত সোণাৰি নগৰ হিন্দী বিদ্যালয়ৰ সমীপৰ এটা পৰিত্যক্ত ঘৰৰ পৰা শিশুটিক বোকা-পানীৰে লুতুৰী-পুতুৰী অৱস্থাত উদ্ধাৰ কৰা হয়৷ অপহৰণকাৰী নেকিবকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ সোণাৰী আৰক্ষীৰ তিনিঘণ্টীয়া-চাৰিঘণ্টীয়া সফল অভিযানৰ বাবেই শিশুটিক শীঘ্ৰেই উদ্ধাৰ কৰা হয়।












