![]()
গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে পুৱাৰে পৰা আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযান। গভীৰ অৰণ্যত মাওবাদীৰ উপস্থিতি চিনাক্ত হোৱাৰ পিছতে আৰম্ভ হয় বন্দুকৰ যুদ্ধ।
শনিবাৰে পুৱা ছত্তীশগড় জিলাৰ বিজাপুৰত এই অভিযানত এতিয়ালৈকে তিনিজন মাওবাদী নিহত হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছে। বাষ্টাৰ ৰেঞ্জৰ আই জি পি সুন্দৰৰাজে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, নিহত মাওবাদীসকলৰ ভিতৰত এগৰাকী মহিলাও আছে। তেওঁ কয় যে ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মিৰতুৰ থানাৰ পমৰা বনাঞ্চলত সংঘটিত হৈছে এই গুলীচালনা।
ছত্তীশগড় প্ৰশাসনৰ সূত্ৰ অনুসৰি, ৰাজ্যিক আৰক্ষী বিশেষ টাস্ক ফ’ৰ্চ, জিলা সংৰক্ষিত বাহিনী (ডি আৰ জি) আৰু চি আৰ পি এফে বিশেষ সূত্ৰৰ জৰিয়তে তথ্য লাভ কৰি মোহন কদাতি আৰু মাওবাদীৰ সদস্য সুমিত্ৰাকে ধৰি ৩০-৪০ জনীয়া এটা দল আছে বুলি এই অভিযান আৰম্ভ কৰে পোমৰা বনাঞ্চলত সংমণ্ডল সমিতিয়ে।
পুৱা গুলীয়াগুলীত তিনিজন সংগীৰ মৃত্যু হোৱাৰ পিছত বাকীসকলে মৃতদেহ এৰি পলায়ন কৰে। সুন্দৰৰাজে কয় যে যৌথ বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছে।










